অহা ছেপ্টেম্বৰৰ ভিতৰত কৰ্কট ৰোগৰ সেৱা কেন্দ্ৰসমূহ কাৰ্যক্ষম হৈ উঠিবঃ বিত্তমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশনত আগন্তুক চাৰি মাহৰ বাবে শুকুৰবাৰে বিধানসভাৰ মজিয়াত আজি বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদান । গীতাৰ শ্লোকেৰে আৰম্ভ কৰা বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত ২০১৯-২০ বৰ্ষত ৰাজ্যত মূলধন ব্যয় ১৩,৫০১ কোটি টকালৈ বৃদ্ধি পাইছে। আজি বিধানসভাৰ মজিয়াত মুঠ ৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে মন্ত্ৰীগৰাকীয়ে।
বাজেটত কৰ্কট ৰোগীৰ পৰিচৰ্যা সম্পৰ্কে অৱলোকন কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে ২০২১ চনৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰ, যোৰহাট, মঙলদৈ আৰু কোকৰাঝাৰত কৰ্কট ৰোগৰ সেৱা কেন্দ্ৰসমূহ কাৰ্যক্ষম হৈ উঠিব।
ইয়াৰ লগতে মন্ত্ৰী ড০ শৰ্মাই কয় যে কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ এবাৰ কাৰ্যক্ষম হৈ উঠিলে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ কৰ্কট ৰোগীসকল উপকৃত হ’ব।
আনহাতে এই আটাইবোৰ কৰ্কট ৰোগৰ সেৱা কেন্দ্ৰ একেদিনাই মুকলি কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হ’ব বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰী ড০ শৰ্মাই।