নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্নিকট পূজা : ধুবুৰীত আৰম্ভ তাচপাতৰ জুৱাৰী চক্ৰৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ প্ৰতিবছৰৰ দৰে আগন্তুক দুৰ্গা আৰু কালী পূজাৰ গইনা লৈ এইবেলিও ধুবূুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে জুৱাৰী চক্ৰৰ তৎপৰতা আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পূজা আহিলেই জিলাখনৰ সদৰ খোদ ধুবুৰীৰেই কেইটামান ক্লাৱত তাচপাতৰ জুৱাৰ আড্ডা আৰম্ভ হোৱাটো এক ‌গতানুগতিক নিয়মত পৰিণত হৈছিল। দৰাচলতে, ক্লাব এটা চলাবলৈ ধনৰ প্ৰয়োজন হোৱাৰ অজুহাতেৰে দীৰ্ঘ বহু বছৰৰ পৰাই ধুবুৰীৰ কেইটামান ক্লাৱ- কৰ্তৃপক্ষই শকত অংকৰ এক ধনৰ বিনিময়ত ব্যক্তি বিশেষক নিজ নিজ ক্লাৱত জুৱাৰ আড্ডা বহাবলৈ অনুমতি দি আহিছিল। কিন্তু, সময় বাগৰাৰ লগে লগে তাচপাতৰ জুৱাৰ আড্ডাৰ ভাৰাৰূপে মাহিলী লাভ কৰা বৃহৎ অংকৰ ধনৰ লোভত দিয়া সেই ক্লাৱ কেইটাৰ কৰ্তৃপক্ষৰ অনুমতিত সেই কেইটাৰ ৩/৪ টাত বৰ্তমানে দৈনিক দুপৰীয়াৰ পৰা নিশালৈ তাচৰ জুৱা চলা বুলিয়েই প্ৰকাশ। জানিব পৰা মতে, জুৱাৰী এজনৰ আৰ্থিক সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ বিশেষ দুটা ক্লাৱত কম মূল্যৰ পৰা সৰ্বোচ্চ মূল্যৰ জুৱা তথা স্থানীয় ভাষাত বিভিন্ন স্তৰৰ তথা ধনৰ “জুৱাৰ টেবুল’ৰো সু-ব্যৱস্থা আছে। তাৎপর্যপূর্ণ ভাবে, দৈনিক জুৱাৰ আড্ডা বহা বুলি চৰ্চিত ধুবুৰী চহৰৰ সেই বিশেষ ক্লাবকেইটাৰ অধিকাংশৰে সৈতে শাসকীয় দলৰ কেইগৰাকীমান স্থানীয় নেতা-পালিনেতা প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে জড়িত হৈ থকা বুলিও কিন্তু ৰাইজৰ মাজত বুবু-বাবা আছে। ইপিনে, পূজা আহিলে; কেৱল সেই বিশেষ ক্লাব কেইটাতেই কেবল নহয়; দুৰ্গা পূজাৰ পূৰ্বে তথা বিশ্বকৰ্মা পূজাৰ পিছৰে পৰা কালী পূজালৈ চহৰখনৰ অইন বিশেষ কেইটামান নিৰ্দিষ্ট স্থানৰ উপৰিও শেহতীয়াকৈ বিগত কেই বছৰমানৰ পৰা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিশেষ কেইটামান চৰাঞ্চলৰ দুৰ্গম অঞ্চলতো এসপ্তাহৰ পৰা ১০/১৫ দিনীয়া জুৱাৰ আড্ডা বহাৰ এক চৰ্চাও আছে ধুবুৰীত। চৰ্চানুসৰি, চৰাঞ্চলৰ সেই জুৱাৰ আড্ডাত জুৱাৰ আয়োজক সকলে ধুবুৰীৰ পৰা জুৱাৰীৰ দলক নদীপথেদি লৈ যোৱাৰ সুব্যবস্থা কৰাৰ সমান্তৰালকৈ সেই আড্ডাবোৰত জুৱাৰীৰ আহাৰ আৰু ২৪ ঘন্টাই জেনেৰেটৰ চলাই শীততাপ নিয়ন্ত্ৰিত (এচি থকা) অস্থায়ী পেণ্ডেল জাতীয় সৰু সৰু কোঠাত ৰাত্ৰি যাপন কৰাৰ ব্যৱস্থাও কৰে। ইপিনে চৰাঞ্চলৰ সেই বিশেষ জুৱাৰ আড্ডাবোৰ ব্যৱসায়িক প্ৰত্যাহ্বানৰূপে উঠি অহাৰ পিছত ধুবুৰী চহৰৰ অধিকাংশ জুৱাৰ আড্ডাতো জুৱাৰীৰ দাবী অনুসৰি নিৰ্দিষ্ট ৰান্ধনীৰে আহাৰ প্ৰস্তুত কৰাৰ সু-ব্যৱস্থাকে দিনে-নিশাই গুটকা, পাণ-চিগাৰেট আৰু সুৰাৰ যোগান ধৰাৰ সু-ব্যৱস্থা থাকে বুলিয়েই প্ৰকাশ। ইয়াতে উল্লেখনীয় যে, কেইবাবছৰ পূৰ্বে তথা ধুবুৰীৰ তদানীন্তন জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে চহৰখনৰ তাচপাতৰ জুৱাৰ আড্ডাবোৰ বন্ধ কৰাৰ বাবে কঠোৰ স্থিতি লোৱাৰ সমান্তৰালকৈ নিজে স্বয়ং অভিযান চলাই জুৱাৰ আড্ডা বহা ধুবুৰী চহৰৰ দুটাকৈ ক্লাব চিলো কৰিছিল। জিলা উপায়ুক্ত জ্ঞানীৰ সময়ত ধুবুৰীৰ চহৰৰ তাচপাতৰ জুৱাৰ গোটেই কেইটা আড্ডা সম্পূর্ণভাবে বন্ধ হৈছিল যদিও বিষয়াগৰাকী বদলি হৈ যোৱাৰ পিছৰে পৰা পূৰ্বৰ দৰেই পূজা আহিলেই পূৰ্ণদ্যোমে ধুবুৰীত আৰম্ভ হয় তাচপাতৰ জুৱাৰ আড্ডা। আনহাতে, বিগত বছৰবোৰৰ অনুৰূপে পূজা অহাৰ লগে লগে চহৰখনৰ দৈনিক জুৱাৰ আড্ডাবোৰৰ স্বয়ম্ভূ মালিককে ধৰি স্থানীয় জুৱাৰী চক্ৰবোৰৰ মাজত বৰ্তমানে ব্যাপক তৎপৰতা আৰম্ভ হোৱা বুলি চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। তাৰেই পৰিপ্ৰেক্ষিতত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ জুৱা বিৰোধী স্থিতি স্বত্বেও জিলা প্ৰশাসন আৰু আৰক্ষীৰ এটা মহলৰ পৃষ্ঠপোষকতাতেই ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলি ভাবেই তাচপাতৰ জুৱাৰ আড্ডাবোৰ চলি আছে নেকি বুলিও কিন্তু প্ৰশ্ন উত্থাপিত কৰিছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like