পাঠশালাত কেৰিয়াৰ কাউন্সেলিং-বৃত্তিমূলক গাইডেন্স কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ “আমি কোনো বেয়া কাম নকৰি, কোনো বে-আইনী কাম নকৰি, যি সৎ কামেৰে পৰিয়ালৰ ভৰণ পোষণ কৰিব পাৰো, সেয়াই হৈছে সফলতা৷” এই মন্তব্য অসমৰ কম্পিউটাৰ শিক্ষাৰ অন্যতম আগৰণুৱা ব্যক্তি CECৰ প্ৰতিষ্ঠাপক দিপাংকৰ দত্তৰ৷ জিলা নিয়োগ বিনিময় কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত পাঠশালাত এক কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক গাইডেন্স অনুষ্ঠানত সম্পন্ন হয়৷ দক্ষতা, নিয়োগ, উদ্যোগীকৰণ বিভাগ, অসমৰ অধীনত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰণ কৰি বিশিষ্ট উদ্যমিতা পৰামৰ্শদাতাগৰাকীয়ে কয় যে ১৯৯৪ত যেতিয়া তেওঁ CEC আৰম্ভ কৰিছিল, তেতিয়াই ভাবিছিল যে আমাৰ অসমত সাধাৰণ পঢ়াশুনাৰ লগতে যদি বৃত্তিমূলক পাঠ্যক্ৰমৰো ব্যৱস্থা থাকে তেতিয়াহ’লে ভবিষ্যতে কৰ্ম সংস্থাপন লাভ ক্ষেত্ৰত ই বিশেষভাৱে সহায়ক হয়৷ তেওঁ কয় যে আমি অসমৰ লৰা ছোৱালীখিনিক এনেদৰে অনুপ্ৰাণিত কৰিব লাগে যাতে দক্ষতা থাকিলে তাক ব্যৱহাৰ কৰি সংস্থাপন লাভ কৰিব পৰা যায়৷ নহলে ডিগ্ৰীটো লৈ চৰকাৰে চাকৰি দিব বুলি বহি থকাৰ বাদে গত্যান্তৰ নাথাকে৷ এতিয়া কথা হৈছে যে চৰকাৰেটো ইমানবোৰ চাকৰি দিয়াটো সম্ভৱ নহয়৷ এনে এক প্ৰেক্ষাপটতে বৃত্তিমূলক প্ৰশিক্ষণৰ বিষয়টোৰ প্ৰয়োজনীয়তা আহি পৰে৷ তেওঁ আৰু কয় যে কোনো কাম সৰু নহয়৷ কেৱল চৰকাৰী চাকৰিক আশা নকৰি আমাৰ লৰা ছোৱালীসকলে ওলাই আহিব লাগিব৷ আমাৰ যুৱক যুৱতীসকলে কোনে কাম সৰু বুলি নাভাবি কোনোবাই যদি দোকান দিছে, কোনোবাই যদি গেৰেজ খুলিছে, কোনোবাই যদি সৰুসুৰা ব্যৱসায় কৰিছে তেওঁকো আমি অনুপ্ৰাণিত কৰা উচিৎ বুলি ভাষণত উল্লেখ কৰি কয় যে সফলতাৰ সংজ্ঞাটো সহজ ভাষাত এনেদৰে দিব পাৰি যে টকা-পইচা বেছি থকা মানে সফলতা নহয়, সততাৰে যি কাম কৰি পৰিয়াল চলাব পাৰি সেয়াই প্ৰকৃত সফলতা৷ সেয়েহে নিজস্বভাৱে সৰু-বৰ কাম কৰা আমাৰ অসমীয়া মানুহখিনিক আমি সন্মান দিয়া উচিৎ আৰু তেতিয়া নিশ্চয় তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন যুৱক যুৱতীও কেৱল চৰকাৰী চাকৰিৰ আশা নকৰি আত্মসংস্থাপনত মনোনিৱেশ কৰিব আৰু সংস্থাপনৰ বিষয়টো ভাৰসাম্যৰ বৰ্তি থাকিব৷ বিশিষ্ট ঘোষিকা শৰ্মিষ্ঠা দাসে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰি বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) উৰ্মি মেধিয়ে আজিৰ গতিশীল চাকৰিৰ বজাৰত আগতীয়াকৈ কেৰিয়াৰ পৰিকল্পনা, ব্যৱহাৰিক দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত প্ৰমাণিত কেৰিয়াৰ বিশ্লেষক তথা পৰামৰ্শদাতা কংকন বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকোমেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰি বিভিন্ন পেছাদাৰী আৰু অপেছাদাৰী কেৰিয়াৰ বিকল্পৰ কথা উল্লেখ কৰাৰ লগতে বৰদলৈয়ে সঠিক কেৰিয়াৰ বাছনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷ বজালী মহাবিদ্যায়ৰ ভূগোল বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক ড৹ ভূপেন তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমিৰ ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বর্মন, অসম দক্ষতা উন্নয়ন অভিযানৰ ৰাজ্যিক প্রকল্প প্রবন্ধক পিংকু চৌধুৰী আদিৰ উপস্থিতিত বৰপেটাৰ জিলা নিয়োগ বিনিময়ৰ নিয়োগ বিভাগৰ সহকাৰী সঞ্চালিকা লিপিকা দত্তই ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা শিক্ষা, সঠিক কেৰিয়াৰ বাছনি, ব্যক্তিগত বৃদ্ধিৰ গুৰুত্ব বুজিবলৈ আহ্বান জনাই উদ্যোগীকৰণে কেৱল বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপন আৰু আয়ৰ উপায় প্ৰদান কৰাই নহয়, ব্যক্তিগত জীৱনৰ মান উন্নত কৰাৰ সম্ভাৱনাও আছে বুলি মন্তব্য কৰে৷ অভ্যাগতসকলক গামোচা, জাপি, ফুলৰ থোপা আদিৰে সন্বৰ্ধনা জনায় জিলা নিয়োগ বিনিময় বৰপেটাৰ বিষয়া আৰু কৰ্মচাৰী ক্ৰমে লনিমা দাস, লক্ষ্মণ ডেকা, অলকেশ শৰ্মা, হীৰকজ্যোতি সাউদ আৰু অসম দক্ষতা উন্নয়ন অভিযানৰ জিলা বিষয়া ৰফিকুল ইচলামে৷ বজালী জিলাৰ বিভিন্ন উচ্চতৰ আৰু উচ্চ মাধ্যমিক শিক্ষানুষ্ঠানৰ লগতে আই টি আই পাঠশালাৰ প্ৰায় ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ভৱিষ্যতে কেনেদৰে কৰ্ম নিয়োগ কৰিব পাৰে, কি কি কেৰিয়াৰৰ সুবিধা তেওঁলোকৰ বাবে খোলা থাকে আৰু কি কি পঢ়াশুনা তেওঁলোকে কৰিব পাৰিব, নিজৰ কেৰিয়াৰটো বাছি লওতে কি কি কথা লক্ষ্য ৰাখিব লাগে এনেবোৰ বিভিন্ন প্ৰয়োজনীয় বিষয়ক লৈ তিনিঘণ্টাৰো অধিক সময়ধৰি উপস্থিত কেৰিয়াৰ পৰামৰ্শদাতাসকলে বিভিন্ন পৰামৰ্শ প্ৰদান কৰি এনেকুৱা অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীক পঢ়া শুনা কৰি কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত যিসমূহ সুযোগ আছে, সেইসমূহ নিৰ্বাচন কৰাত বা পচন্দ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী নিয়োগ বিষয়া বিশ্বজিৎ নাথে৷
প্ৰেৰক কল্যাণ কলিতা