নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত কেৰিয়াৰ সম্পৰ্কীয় অনুষ্ঠান

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ মৰিয়নি মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং চেল আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আৰু যোৰহাটৰ ইনষ্টিটিউট অৱ কম্পিউটাৰ একাউনটেন্ট (আই চি এ)ৰ সহযোগত আজি মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ সম্পর্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে এক কেৰিয়াৰ নিদের্শনা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা ‘এমপ্ল’য়েবিলিটী এণ্ড কেৰিয়াৰ গাইডেন্স’ শীৰ্ষক এই কাৰ্য্যসূচীত বৰ্তমানৰ প্ৰতিযোগিতামূলক যুগত নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় তথ্য আৰু কম্পিউটাৰ শিক্ষা প্ৰদান কৰি অহা অগ্ৰণী অনুষ্ঠান ইনষ্টিটিউট অৱ কম্পিউটাৰ একাউনটেন্টৰ কেন্দ্ৰ সঞ্চালক অপূৰ্ব ভট্টাচার্য আৰু সদস্য সুদ্দীপ্ত মালাকাৰে মূল পৰামৰ্শদাতা হিচাপে অংশগ্রহণ কৰে। সাম্প্ৰতিক ভয়াবহ নিবনুৱা সমস্যা সমাধানৰ ইতিবাচক ফলপ্ৰসূতাৰ বাবে ল’ব পৰা বিভিন্ন দিশৰ সম্পৰ্কে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক দুয়ো বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। বৰ্তমান সময়ত কেৱল ডিগ্ৰীৰ পিছত দৌৰাৰ সমান্তৰালকৈ নিজৰ ভৰিত ঠিয় দিব পৰা পৰিৱেশ সৃষ্টি কৰাৰো পোষকতা কৰে। অপূৰ্ব ভট্টাচার্যই ছাত্র-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ মূল্যৱান পৰামৰ্শ আগবঢ়োৱাৰ লগতে সফলতাৰ কৌশল, আৱশ্যকীয় পাঠ্যক্রম সম্পর্কীয় দিশসমূহ উল্লেখ কৰে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই শিক্ষাৰ্থীসকলৰ সংস্থাপন আৰু নিযুক্তিৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানে সহায় কৰিব বুলি মতপ্ৰকাশ কৰে। শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা কাঞ্চনা দাসে আঁ‌ত ধৰা অনুষ্ঠানটোত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক অৰ্চনা শইকীয়া, ভূগোল বিভাগৰ অধ্যাপিকা ড° চিন্ময়ী বৰপূজাৰী, অধ্যাপক বনমালি বড়ি, অধ্যাপক ধনঞ্জয় বিশ্বাস আদিৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like