নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত চৰকাৰ আৰু অইলৰ সম্প্ৰসাৰণ খনন নীতিৰ বিৰুদ্ধে এন জি টিত গোচৰ পৰিৱেশ কৰ্মীৰ

ফান্দত পৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদো

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু অইল ইণ্ডিয়া লিমিটেডৰ সম্প্ৰসাৰণ খনন(এক্সটেনডেড ৰিচ্চ ড্ৰিলিং)ৰ বিৰুদ্ধে পৰিৱেশ কৰ্মী বিমল গগৈ আৰু মৃদুপৱন ফুকনে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দিয়া গোচৰৰ প্ৰথম শুনানি গ্ৰহণ কৰি দ্বিতীয় শুনানিৰ বাবে প্ৰস্তুত হ’বলৈ চৰকাৰী বিভাগটোৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে পৰিৱেশকৰ্মী বনানি কাক্কাৰ, স্বেচ্ছাসেৱী সংগঠন ৱাইল্ড লাইফ এণ্ড এনভাইৰণমেণ্ট কনজাৰভেচন অৰ্গেনাইজেচন আৰু প্ৰৱাসী অসমীয়া খনি অভিযন্তা সমুদ্ৰজিৎ গোহাঁই, পৰিৱেশ কৰ্মী সোণেশ্বৰ নৰহ আৰু আফ্ৰিণ ৰহমানসহ তিনিজনীয়া গোটে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ (এন জি টি)ৰ ওচৰত ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে গোচৰ তৰিছিল। প্ৰথম দুটা গোচৰৰ ভিত্তিত এন জি টিয়ে শুনানি গ্ৰহণ কৰি অইল ইণ্ডিয়াক প্ৰাৰম্ভিকভাৱে ২৫ কোটি টকা তিনিচুকীয়া জিলা দণ্ডাধীশৰ ওচৰত জমা ৰাখিবলৈকো নিৰ্দেশ দিয়ে।

ইফালে গোহাঁ‌ই, নৰহ আৰু ৰহমানে যোৱা ২৭ জুন তাৰিখে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ওচৰত তৰা গোচৰৰ ৰায় প্ৰদান কৰে যোৱা ৭ জুলাই তাৰিখে আৰু গগৈ আৰু ফুকনৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰে যোৱা ২০ তাৰিখে। খনি অভিযন্তা সমুদ্ৰজিৎ গোহাঁইৰ দলে এন জি টিৰ ওচৰত দাখিল কৰা গোচৰত বিশেষতঃ বি জি আৰ ৫ ত প্ৰাকৃতিক গেছৰ সতে নিৰ্গমন হোৱা মাৰাত্মক কণ্ডেনছেটে কেনেকৈ জৈৱ- বৈচিত্ৰ্যত কু প্ৰভাৱ পেলাব পাৰে তাৰ সবিশেষ যুক্তি দাঙি ধৰিছে। শ্ৰীগোহাঁ‌ৰে হোৱা টেলিফোনিক বাৰ্তালাপত কোৱা হৈছে যে প্ৰাকৃতিক গেছ বায়ুত উৰি যায় যদিও কণ্ডেনছেটে বায়ু, পানী আৰু মাটিত মিহলি হৈ অভাৱনীয়ভাৱে ক্ষতি কৰে। কণ্ডেনছেট নামৰ ক্ষতিকাৰক তেলেতীয়া পদাৰ্থই আনকি গছৰ পাতত লাগি ধৰি অক্সিজেন ৰুদ্ধ কৰি পেলায়।

বাঘজানত সৃষ্টি হোৱা অভূতপূৰ্ব বান পানীৰ ফলত বিশ্বখ্যাত ৱেট লেণ্ড মাগুৰি- মটাপুং বিলৰ উপৰি ডাঙৰী নৈ হৈ আনকি ক্ষতিকাৰক কণ্ডেনছেট ব্ৰহ্মপূত্ৰৰ পানীৰেও মিশ্ৰিত হৈছে। কিন্তু তেওঁৰ মতে অতি আশ্চৰ্যজনক বিষয়টো হ’ল যোৱা ২৮ মে’ৰ পৰা বৰ্তমানলৈকে অইল ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত প্ৰেছ টোকা সমূহত কিম্বা কোম্পানীৰ ৱেৱ ছাইটত ঘূণাক্ষৰেও প্ৰাকৃতিক গেছৰ সতে ক্ষতিকাৰক কণ্ডেনছেট নিৰ্গমনৰ কথা উল্লেখ কৰা হোৱা নাই। একেদৰে বিমল গগৈ আৰু মৃদুপৱন ফুকনৰ ০৪/ ২০২০/ ই জেড নং আৱেদনৰ প্ৰথম শুনানি গ্ৰহণ কৰা হয় যোৱা ২০ জুলাই তাৰিখে। এন জি টিৰ ন্যায়িক সদস্য দণ্ডাধীশ এছ পি ৱাংডি আৰু বিশেষজ্ঞ সদস্য ড° নগিন নন্দাৰ বিচাৰ পীঠত আৱেদনকাৰীৰ হৈ যুক্তি দাঙি ধৰে অধিৱক্তা ৰিত্বিক দত্তই। ২০ জুলাইৰ শুনানিত তেওঁলোকৰ আৱেদন বিবেচনাৰ বাবে গ্ৰহণ কৰিছে। আৱেদনকাৰীয়ে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰ- কাৰ্বন অণ্বেষণৰ বাবে কৰিবলগিয়া ৭ টাকৈ খনন সম্প্ৰসাৰণ কাৰ্যৰ বাবে অইলৰ সপক্ষত প্ৰদান কৰা ২১-০৫-২০২০ তাৰিখৰ এনভাইৰণমেণ্টেল ক্লিয়াৰেঞ্চ (ই চি)ৰ বিৰোধিতা কৰিছে। উক্ত খননকাৰ্যৰ বাবে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ‘ই চি’ বিবেচনা কৰাৰ বেলিকা অইল ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ ১৯৯৫ ৰ ২০২ নং আৰ ডব্লিউ (চি)ৰ আই এ নম্বৰ ৩৯৩৪, তাং ০৭-০৩-২০১৭ ৰ নীতি- নিৰ্দেশনা অৱজ্ঞা কৰা হৈছে বুলিও দাবী কৰিছে। আৱেদনখনৰ মতে খনন কাৰ্যৰ বাবে অসাম ষ্টেট বায়’ডাউভাৰচিটী বৰ্ডৰ জৰিয়তে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন (ই আই এ)ৰ প্ৰয়োজন আছিল।

পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন(ই আই এ)ৰ জাননী, ২০০৬ অনুসৰি ৰাজহুৱা শুনানি বাধ্যতামূলক যদিও উক্ত কাৰ্যৰ বাবে কিন্তু ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা নহ’ল। আইন শৃংখনাজনিত কাৰণত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব পৰা নহ’ল বুলি কোৱা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰতিবেদনৰ ভিত্তিত ‘ই আই এ’ৰ জাননীযোগে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে ৰেহাইৰ অনুমতি প্ৰদান কৰা হয় যদিও নীতি অনুসৰি কোনো পৰিস্থিতিতে ৰাজহুৱা শুনানি ৰেহাই দিয়াটো ‘ই আই এ’ কমিটিৰ এক্টিয়াৰৰ ভিতৰত নপৰে। উল্লেখ্য যে শেহতীয়াকৈ সংঘটিত বি জি আৰ ৫ ৰ ব্ল’ আউটৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বাঘজান আৰু কেউকাষৰ মানুহ আৰু জৈৱ- বৈচিত্ৰ্যৰ ওপৰত পৰিল অপূৰণীয় প্ৰভাৱ। ইফালে এন জি টিৰ বিচাৰ পীঠে পৰৱৰ্ত্তী শুনানি(১৩ আগষ্ট, ২০২৯)ত বিবেচনাৰ বাবে পৰিৱেশ, বন আৰু জনবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক আৱেদনকাৰীৰ নিৰ্দিষ্ট প্ৰশ্ন সমূহৰ উত্তৰসহ প্ৰতিৱেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে অইলে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ উত্তৰ- পশ্চিম বাঘজান পি এম এলৰ বি জি আৰ ৫, বি জি এন ৩ আৰু বি জি এন ১১ ৰ পৰা যথাক্ৰমে ৩, ৩ আৰু ১ টাকৈ এক্সটেনডেড ৰিচ্চ ড্ৰিলিং এণ্ড টেষ্টিং অৱ হাইড্ৰকাৰ্বনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে। এক্সটেনডেড ৰিচ্চ ড্ৰিলিং মানে উপৰোক্ত তিনিটা তৈল খাদৰ পৰা বজ্ৰবাল (টেৰা হ’ল) পদ্ধতিত পৰোক্ষভাৱে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানৰ পৰা গেছ- তেল আহৰণ কৰিব। পূৰ্বতে এই পদ্ধতিক ডেভিয়েচন ড্ৰিলিং, তাৰ পৰৱৰ্ত্তী সময়ত হৰিজনটেল ড্ৰিলিং আৰু শেহতীয়াকৈ এক্সটেনডেড ৰিচ্চ ড্ৰিলিং বোলা হয়। ‘টেৰা হ’ল’টো হ’ল প্ৰচলিত থলুৱা নাম। ইফালে ত্ৰিবিউনেলৰ ন্যায়াধীশ এছ্ পি ৱাংডি আৰু সিদ্ধান্ত দাসকলৈ গঠিত বিচাৰপীঠে প্ৰথম দুটা পক্ষৰ দ্বাৰা পঞ্জীকৃত গোচৰৰ পৰৱৰ্ত্তী শুনানিৰ বাবে ৩০ দিনৰ ভিতৰত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিবলৈ এখন আঠজনীয়া সমিতি গঠন কৰি দিছিল যদিও তদন্তৰ অবিহনেই কাইলৈ উক্ত সমিতিখনৰ প্ৰতিবেদন দাখিলৰ ম্যাদ উকলিব। উক্ত সমিতিখনত অন্তৰ্ভুক্ত হৈছে ন্যায়াধীশ বি পি কটকী, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব, চি এছ আই আৰৰ জ্যেষ্ঠ সদস্য, অধ্যাপক ড° সৰ্বেশ্বৰ কলিতা, অভয় কুমাৰ জ’হাৰী, অজিত হাজৰিকা, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সচিব আৰু তিনিচুকীয়া জিলা দণ্ডাধীশ।

You might also like