নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গেৰামাৰী সমবায়ৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ অৱশেষত গা লৰিল আৰক্ষীৰ। ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ গেৰামাৰী সমবায় সমিতিৰ অধ্যক্ষ/সভাপতি, সম্পাদককে ধৰি মুঠ ১০গৰাকী লোকৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত জালাল উদ্দিন নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এজাহাৰখন পঞ্জীয়ন কৰিলে আৰক্ষীয়ে। জানিব পৰা মতে, কালি ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২০/৪৬৮/৪৭১ আৰু ৪৭৬ ধাৰাত ৩২৯/২৩ নম্বৰৰ এটি গোচৰ ৰুজু কৰি ব্যক্তিজনে অনা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, জীৱিত এগৰাকী অংশীদাৰক নথিত মৃত ঘোষণা কৰা হোৱা বুলি গেৰামাৰী সমবায় সমিতিৰ বিৰূদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছিল জালাল উদ্দিন নামৰ লোক এগৰাকীয়ে। তেওঁৰ অভিযোগ অনুসৰি, ২০১৮ চনত গেৰামাৰী সমবায় সমিতিৰ নিৰ্বাচনত ভোটদান কৰিছিল তেওঁ। কিন্তু চলিত বৰ্ষত, অৰ্থাৎ ২০২৩ বৰ্ষৰ  সমবায় সমিতিখনৰ নিৰ্বাচনৰ সময়ত ভোট দিবলৈ গৈ তেওঁ নিজৰ নাম ভোটাৰ তালিকাত নথকা পায়। জালাল উদ্দিনৰ ভাষ্য অনুসৰি, বিষয়টো লৈ কৰা এখন আৰটিআইৰ প্ৰত্যুত্বৰৰূপে ২০১১ চনতেই মৃত্যু হোৱা বুলি সমিতিৰ নথিত থকা বুলি সমবায় সমিতিখনৰ তৰফৰ পৰা জনোৱা হৈছিল। তেতিয়া ২ আগষ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে সমবায় সমিতিখনৰ ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন কৰি অইনৰ নাম সন্নিবিষ্ট কৰাৰ অভিযোগ তুলি জালাল উদ্দিনে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু গেৰামাৰী সমবায় সমিতিখন অধ্যক্ষ/সভাপতি, সম্পাদককে ধৰি মুঠ ১০গৰাকী লোকৰ বিৰূদ্ধে দাখিল কৰা সেই এজাহাৰৰ কেইবাদিন পাৰ হোৱা সত্বেও সেইখন পঞ্জীয়ন নোহোৱাৰ অভিযোগো আনিছিল ব্যক্তিগৰাকীয়ে । অৱশ্যে অৱশেষত গৈ যোৱাকালি ব্যাক্তিগৰাকীয়ে তৰা গোচৰটো ধুবুৰী সদৰ থানাত পঞ্জীয়ন কৰা হয়। এতিয়া আশা কৰা হৈছে ব্যক্তিগৰাকীয়ে অনা অভিযোগৰ সত্য-সত্যতা আৰক্ষীৰ তদন্তত উন্মোচিত হোৱাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like