নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বহি পিতা–পুত্রৰ চোৰাং গৰুৰ বেহা: কোন এই গৰু বেপাৰী ৰাজেশ সিং–ৰিতুৰাজ সিং ?

আৰক্ষীৰ হাতত জব্দ হোৱাৰ পাছতো ৰহস্যজনকভাৱে মুকলি হয় পিতা–পুত্রৰ গৰুভর্তি ট্রাক

  • উজনি–উত্তৰ অসম–বহিঃৰাজ্যৰ চোৰাং গৰু নিয়মীয়াকৈ সৰবৰাহ বাংলাদেশলৈ
  • মেঘালয়–ধুবুৰী সীমান্তয়েদি নির্বিঘ্ণে চোৰাং গৰু চালান চুবুৰীয়া ৰাষ্ট্রলৈ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ৰাজ্য চৰকাৰে গো–সুৰক্ষা আইনৰ জৰিয়তে চোৰাং গৰুৰ বেহা প্রতিৰোধৰ বাবে কঠোৰ স্থিতি গ্রহণ কৰাৰ সময়ত গুৱাহাটীত বহি পিতা–পুত্রই বাংলাদেশলৈ চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰখাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ৰাজেশ সিং আৰু ৰিতুৰাজ সিং নামৰ দুই পিতা–পুত্রই গুৱাহাটীৰ পৰাই নির্বিঘ্ণে চলাই আছে গৰুৰ চোৰাং বেহা৷ প্রাপ্ত অভিযোগ অনুসৰি ৰাজেশ সিং আৰু ৰিতুৰাজ সিঙে উজনি অসম আৰু উত্তৰ অসমৰ লগতে বিহাৰৰ পৰা অনা চোৰাং গৰু ধুবুৰী আৰু মেঘালয়ৰ ভাৰত–বাংলাদেশ সীমান্তয়েদি নিয়মীয়াকৈ চুবুৰীয়া ৰাষ্ট্রখনলৈ সৰবৰাহ কৰি আহিছে৷ এইক্ষেত্রত দুই পিতা–পুত্রই গৰুৰ সমগ্র চোৰাং বেহা একাংশ মুছলমান সম্প্রদায়ৰ লোকে চলাই অহাৰ বাহ্যিক প্রতিচ্ছবি দিবলৈ মুছলমান লোকৰ নামত বিভিন্ন ট্রাক মালিকৰ লগত বন্দৱস্তিৰ চুক্তিৰ স্বাক্ষৰ কৰি আহিছে৷

অভিযোগ মতে দুই পিতা–পুত্রই উজনি অসম আৰু উত্তৰ অসমৰ পৰা নিয়মীয়াকৈ গৰু চোৰাংকৈ সৰবৰাহ কৰি উজনি অসমৰ গৰুভর্তি ট্রাকসমূহ মেঘালয় হৈ আৰু উত্তৰ অসমৰ ট্রাকসমূহ ধুবুৰী সীমান্তয়েদি বাংলাদেশলৈ চালান দি আহিছে৷ একেদৰে উত্তৰ প্রদেশ, বিহাৰ আদি বহিঃৰাজ্যৰ পৰা অহা চোৰাং গৰু ধুবুৰী–গোৱালপাৰাৰ ভাৰত–বাংলাদেশ সীমান্তয়েদি সৰবৰাহ কৰি আহিছে৷ ৰাজেশ সিং আৰু ৰিতুৰাজ সিঙৰ এই চোৰাং গৰু সৰবৰাহৰ ক্ষেত্রত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে এই পিতা–পুত্রৰ নেতৃত্বত চলা চোৰাং বেহাৰ এক ট্রাক গৰু গহপুৰত বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিছিল৷ যোৱা জুন মাহত এ এছ–০১ এইচ–১৬১৭ নম্বৰৰ ট্রাকখন আটক কৰাৰ পাছতে ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে বিশ্বনাথ আৰক্ষীয়ে৷ আনহাতে কেইদিনমান পূর্বে নগাঁও আৰক্ষীয়ে জব্দ কৰিছিল পিতা–পুত্রৰ পৃষ্ঠপোষকতাত অহা এ এছ–০১ এইচ চি–২২১৭ নম্বৰৰ গৰুভর্তি ট্রাকখন৷ এই ট্রাকখনো আশ্চর্যজনকভাৱে মুকলি কৰি দিয়ে নগাঁও আৰক্ষীয়ে৷ দুখনকৈ চোৰাং গৰুৰ ট্রাক জব্দ হোৱাৰ পাছত মুকলি কৰি অনা বিষয়টোৱে গৰুৰ চোৰাং বেহাৰ নেতৃত্বত লোৱা ৰাজেশ সিং আৰু ৰিতুৰাজ সিঙৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ বিষয়টো স্পষ্ট কৰি তুলিছে৷ একেদৰে চোৰাং গৰুৰ বিৰুদ্ধে ব্যাপক অভিযান চলি থকাৰ পাছতো সোণাপুৰ, যোৰাবাট থানাৰ সন্মুখেৰে কিদৰে গৰুভর্তি ট্রাক দৈনিক পাৰ হৈ আছে, সেয়াও ৰহস্যৰ আৱর্তত৷

এনেদৰে দুই পিতা–পুত্রই এতিয়া গুৱাহাটীত বহিয়েই বাংলাদেশলৈ চোৰাং গৰু চালান দিয়া ৰমৰমীয়া বেহা অব্যাহত ৰখা বিষয়টোৱে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ একমাত্র আৰক্ষীয়েই নহয়, শাসকীয় বিভিন্ন পক্ষৰ সৈতেও এই চোৰাং গৰু বেপাৰী পিতা–পুত্রৰ গোপন বুজাবুজি আছে বুলি অভিযোগ উঠি আহিছে৷ এনেদৰে গুৱাহাটীত বহি সুৰক্ষিতভাৱে চোৰাং গৰুৰ বেহা অব্যাহত ৰখা বিষয়টো এতিয়া ৰাজ্য চৰকাৰে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷

You might also like