নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় কফ ছীৰাপৰ বিক্রী নিষিদ্ধ ইৰাকত

বিশেষ বাৰ্তা, ৯ আগষ্টঃ ভাৰতত প্রস্তুত কৰা কাহৰ ছীৰাপ ইৰাকত বিক্রীৰ বিৰুদ্ধে সতর্কতা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ পেৰাচিটামল ছীৰাপ ক’ল্ড আউট নামৰ ছীৰাপবিধ ভাৰতৰ ডাবিলাইফ ফার্মাৰ ফৌৰটছ (ইণ্ডিয়া) লেবৰেটৰিজত প্রস্তুত কৰা হৈছে৷ এই ছীৰাপবিধ ইৰাকত বিক্রী কৰিব পৰা নাযাব বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি এই ছীৰাপবিধত ডাইথাইলিন আৰু ইথিলিন গ্লাইকলৰ দৰে উপাদান আছে৷ অতিমাত্রা এই উপাদান থকাৰ ফলত শৰীৰৰ বাবে ছীৰাপবিধ ক্ষতিকাৰক হিচাপে চিহ্ণিত হৈছে৷ দুয়োবিধ পদার্থৰ সহনীয় মাত্রা হৈছে ০.১০ শতাংশ৷ কিন্তু ছীৰাপবিধত দুয়োবিধৰ উপাদান ০.২৫ আৰু ২.১ শতাংশ থকা বুলি নিশ্চিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ লক্ষণীয়ভাৱে ছীৰাপবিধ প্রস্তুত কৰা কোম্পানী তথা বিপণনকাৰীয়ে ইয়াৰ গুণগত মান আৰু নিৰাপত্তা সম্পর্কত কোনো নিশ্চয়তা প্রদান কৰিব পৰা নাই৷

You might also like