বাৰ্তা ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰঃ অইলৰ অধীক্ষক অভিযন্তা কৰণজ্যোতি বৰুৱাৰ বিৰুদ্ধে চি বি আইৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে। আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই চাৰ্জশ্বীট দাখিল কৰিছে চিবিআইয়ে। মন কৰিবলগীয়া কথা এয়ে যে কৰণজ্যোতি বৰুৱাৰ পত্নীৰ নামো সন্নিবিষ্ট হৈছে চাৰ্জশ্বীটত। কৰণজ্যোতিৰ ২০০৯ৰ পৰা ২০১৯ চনৰ ভিতৰত ৩৮% সম্পত্তি বৃদ্ধি হৈছিল। উল্লেখ্য যে ২০২১ বৰ্ষৰ ২০ অক্টোবৰত চিবিআইয়ে কৰণজ্যোতিৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।