নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ডি বি ব্ৰকিং কাৰ্যালয় ছীল চিবিআইৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ ৰাজ্যজুৰি আতংক সৃষ্টি কৰা নলবাৰীৰ ডি বি ষ্টক ব্ৰকিঙৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মন বিগত দুমাহধৰি পলাতক হৈ থকাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰাত সমগ্ৰ ঘটনাটোৱে নতুন মোৰ লয়। প্ৰৱঞ্চকটো আৰক্ষীৰ জালত পৰাৰ পিছতেই কালি ছয় জনীয়া চি বি আইৰ দল এটাই নলবাৰী জাপাৰকুছিত উপস্থিত হৈ  ডি বি ষ্টক ব্ৰকিং শাখা কাৰ্যালয়টোত ছীল কৰে।কালিৰ এই খবৰ গোপন হৈ থাকে যদিও আজিহে পলমকৈ পোহৰলৈ আহিল।ইতিপূৰ্বে তলা মৰা অৱস্থাত বন্ধ হৈ আছে কাৰ্যালয়টো।নলবাৰীৰ ডি বি ষ্টক ব্ৰকিঙৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ বিনিয়োগ হঠাতে বন্ধ হৈ পৰাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো‌ জিলাব্যাপি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য প্ৰায় সাত হাজাৰ কোটি টকা আত্মসাৎ কৰি প্ৰতিষ্ঠানটোৰ মালিক দীপাংকৰ বৰ্মন আত্মগোপন কৰাৰ খবৰ বিয়পি পৰাত জিলাখনত এনে হাহাকাৰ লাগিছে। জানিব পৰা মতে ডি বি ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰ বৰ্মনে নলবাৰীৰ জাপাকুছিতো ডি বি ষ্টক ব্ৰকিং শাখা কাৰ্যালয় খুলি বিভিন্ন লোকৰ পৰা বিনিয়োগৰ নামত অধিক সুদ দিয়াৰ চলেৰে বহু কোটি টকা জমা লৈছিল। লক্ষণীয় ভাবে হঠাতে উক্ত শাখা কাৰ্যালয়টোত তলা ওলমি পৰাত ধন বিনিয়োগ কৰা দুই শতাধিক পৰিয়ালত হাহাকাৰ লাগিছে। ধন বিনিয়োগ কৰা দুই-একোগৰাকী লোকে সদৰি কৰা মতে কেইবছৰ মান আগলৈকে দীপাংকৰ বৰ্মন নলবাৰীৰ জাপাকুছিৰ বাসিন্দা আছিল যদিও পিছত তেওঁ গুৱাহাটীৰ বাসিন্দা হৈ পৰে।এক সূত্ৰে জানিব পৰা মতে নলবাৰীৰ বহু মধ্যবিত্ত পৰিয়ালে উক্ত ডি বি ষ্টক ব্ৰকিং শাখা কাৰ্যালয়টোত ধন  জমা থোৱাৰ উপৰিও অধিক সুদ আদায় পোৱাৰ লোভত আন একাংশ ধনী পৰিয়ালৰ চিকিৎসক ,অধ্যাপক পদবীৰ লোকেও লক্ষ লক্ষ বিনিয়োগ কৰিছিল। ৫০ হাজাৰৰ পৰা ১০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰে এচাম সুযোগ সন্ধানী বিনিয়োগকাৰীয়ে। অৱশ্যে এই কথা বহুতে গোপনে ৰাখিছিল।ধন বিনিয়োগ কাৰ্যালয় এতিয়া বন্ধ হৈ পৰাত বহু কথা পোহৰলৈ আহিছে। জানিব পৰা মতে নলবাৰী পৌৰ সভা এলেকাৰ জাপাকুছিস্থিত ডি বি ষ্টক ব্ৰকিং শাখা তথা ধন বিনিয়োগ কাৰ্যালয়টো বন্ধ হৈ পৰাত এতিয়া চিন্তাত পৰিছে জিলা খনৰ চহৰৰ লগতে বিভিন্ন ঠাইৰ বহু ধন জমা কাৰী পৰিয়াল। উল্লেখ্য, ২০১৯ চনত স্থাপন কৰা ডি বি ষ্টক ব্ৰকিঙত ধন  বিনিয়োগ কৰা লোকক এমাহত শতকৰা ৭ শতাংশ, দুমাহত শতকৰা ১৪ শতাংশ, ৬ মাহত শতকৰা ৫৪ শতাংশ আৰু এবছৰত শতকৰা ১২০ শতাংশ ধন আদায় দিয়াৰ প্ৰলোভন দিছিল প্ৰতিষ্ঠানটোৱে। এনে প্ৰলোভনত প্ৰলোভিত হৈ  নলবাৰীৰো বহু লোকে ডি বি ষ্টক ব্ৰকিঙত জমা থৈছিল ধন।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like