নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনমণিৰ দুৰ্ঘটনাথলীত চিবিআইৰ দল : দুটাকৈ মবাইল ফোন উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ এছ আই জোনমনি ৰাভাৰ দুৰ্ঘটনা থলীত চি বি আইৰ এটা দল আজি উপস্থিত হৈ পুনৰ তদন্ত আৰম্ভ কৰে। কলিয়াবৰৰ সৰুভগীয়াৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জোনমনি ৰাভাৰ দুৰ্ঘটনাথলীত এখন কন্টেইনাৰ আৰু আন এখন সৰু বাহন লৈ উপস্থিত হয় চিবিআই দলটো। চিবিআইৰ তদন্তকাৰী এক বাৰজনীয়া দল আজি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰে। উল্লেখ্য যে, বিগত ১৫ মে’ৰ পুৱতিনিশা জোনমনি ৰাভাই দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু মুখত পৰিছিল নে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তাকলৈ চি বি আই দল ব্যস্ত হোৱা দেখা যায়। ইতিমধ্যে তীব্ৰ গতিত চি বি আইয়ে চলাইছে তদন্ত। সেই নিশা যিখন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ’ বাহন। পুনৰ তেনে এখন কন্টেইনাৰ আৰু এছপ্ৰেছ’ বাহন আনি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত আজি পুনৰ দুৰ্ঘটনাটো কেনেধৰণেৰে সংঘটিত হৈছিল তাক লৈ চি বি আই দলে দুৰ্ঘটনা পুনৰ নিৰ্মাণৰ ৰূপ দি পৰীক্ষা নিৰীক্ষা চলোৱা দেখা গ’ল। দুৰ্ঘটনা থলীৰ পথৰ কাষত কিবা সামগ্ৰী বিচৰাও পৰিলক্ষিত হৈছে চি বি আইৰ দলে । কন্টেইনাৰখন কিমান গতিত অহাৰ ফলত সেই দুৰ্ঘটনা সংঘটিত হৈছিল তাকে লৈ এই জল্পনা-কল্পনা বুলি ধাৰণা কৰা হৈছে। স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত চি বি আই দলে তদন্ত চলোৱাৰ পাছতে জখলাবন্ধা আৰক্ষী থানাত তদন্তকাৰী দলটো উপস্থিত হৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খনো তন্ন‌তন্নকৈ পৰীক্ষা কৰে। জোনমনি ৰাভাৰ বাহনখনৰ পৰা পুণৰ নমুনা সংগ্ৰহ কৰে দলটোৱে। ইতিমধ্যে জোনমণি ৰাভাৰ বাহনৰ পৰা দুটাকৈ মোবাইল উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান সময়ত অধিক ৰহস্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰু তাৰ পাছত আৰক্ষী আৰু চি আই ডিৰ তদন্তকাৰী দলে বাৰম্বাৰ তদন্ত চলোৱাৰ সময়ত জোনমনি ৰাভাৰ হেৰোৱা মোবাইল ফোন দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ইতিমধ্যে চি বি আই দলে পাঁচবাৰকৈ দুৰ্ঘটনা থলীত আৰু জোনমনি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন খন তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা চলোৱা সময়তো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল হেৰোৱা মোবাইল ফোন দুটা। আজি ষষ্ঠ বাৰত দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা হেৰুৱা মোবাইল দুটা উদ্ধাৰ কৰিবলৈ চি বি আই দলক ১৪২ দিন সময়  কিয় প্ৰয়োজন হ’ল তাক লৈও স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। ইপিনে জোনমনি ৰাভাৰ মাতৃয়ে জোনমনি ৰাভাৰ হেৰোৱা মোবাইল দুটা বিচাৰি আৰক্ষীৰ ওচৰত বাৰম্বাৰ অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়া অভিযোগ উঠিছিল। ইফালে আজি দুৰ্ঘটনা থলীত চিবিআই দলটোৰ লগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হৈ জোনমণি ৰাভাক উদ্ধাৰ কৰা সহকাৰী আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী উপস্থিত থাকে। জোনমণি ৰাভাৰ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি হোৱা বিভিন্ন আলোচনা-সমালোচনাৰ প্ৰভাৱত চিআইডিৰ পৰা তদন্ততৰ ভাৰ চিবিআইক অৰ্পণ কৰিলেও তদন্তৰ গতি লেহেমীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।

প্ৰেৰক দিগন্ত মহন্ত

You might also like