নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি, ঠায়ে ঠায়ে আৰম্ভ বিহু নৃত্য-বাদ্যৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। ঠিক অনুৰূপে ধুবুৰী জিলাৰ ঠায়ে ঠায়ে এতিয়াৰে পৰাই অসমীয়াৰ বাপতি সাহোন বহাগ বিহুক আদৰিবলৈ চলিছে ব্যপক প্ৰস্তুতি; তাৰেই সমান্তৰাল কৈ আৰম্ভ হৈছে বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত আৰু ভোলানাথ মহাবিদ্যালয় (IQAC)’ৰ সহযোগত ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ত ৬ দিনীয়াকৈ বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা আৰম্ভণি হৈছে। ঠিক অনুৰূপে ধুবুৰীৰ গৌৰীপুৰত আৰম্ভ হৈছে ঢোল-বাদন আৰু বিহু নৃত্যৰ সাতদিনীয়া এক কৰ্মশালা। বিহুক সঠিকভাৱে উপস্থাপন কৰিবলৈ তথা নৱ প্ৰজন্মৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে গৌৰীপুৰ ছোৱালী হাই স্কুলৰ খেলপথাৰত সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কৰ্মশালা। শতাধিক ঢুলীয়া, নাচনিয়ে প্ৰশিক্ষণ অংশগ্রহণ কৰা এই কৰ্মশালাটোৰ মূখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে, অসম গৌৰৱ ৰঞ্জিত কুমাৰ গগৈ আৰু মূখ্য প্ৰশিক্ষিকা ৰূপে আছে মৌচুমী বৰা। তদুপৰি বিহুৱা লোকশিল্পী বিপ্লৱ গগৈ, নিৰ্জুমা কাকতি, জ্যেষ্ঠ বিহুৱা বিধান দেউৰীও এই কৰ্মশালাখনত অংশ গ্ৰহণ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like