নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ম তৎপৰতাৰে ১০০ দিন উদযাপন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: ১০০ দিন৷ চৰকাৰ এখনৰ ১০০ দিন তেনেই নগণ্য সময়৷ কিন্তু কার্যক্ষম চৰকাৰ এখনৰ বাবে ১০০ দিনতেই প্রকাশ পায় চৰকাৰখনৰ কর্ম তৎপৰতা৷ দ্বিতীয়টো কার্যকালৰ বাবে অসমৰ ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনে শুকুৰবাৰে সম্পূর্ণ কৰিলে ১০০টা দিন৷ অতি কম সময়ৰ ভিতৰতে বহু গুৰুত্বপূর্ণ সিদ্ধান্ত তথা পদক্ষেপ গ্রহণ কৰা ৰাজ্য চৰকাৰখনৰ ১০০ দিন সম্পূর্ণ হোৱাৰ সময়ত ব্যাপক কর্ম তৎপৰতাৰে সম্পূর্ণ ব্যতিক্রমী ৰূপত দেখা গ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷

আড়ম্বৰপূর্ণ অনুষ্ঠান আয়োজনৰ বিপৰীতে ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণকাৰী পদক্ষেপেৰে মুখ্যমন্ত্রী ড০ শর্মাক কার্যতঃ ‘কর্মনায়ক’ৰ ৰূপতহে দেখা গ’ল দিনজোৰা কার্যসূচীৰে৷ যেন কর্মতৎপৰতাৰে চৰকাৰৰ ১০০ দিন উদযাপন কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷

শুকুৰবাৰৰ দিনটোত খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড০ শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূর্ণ বৈঠক৷ য’ত কেইবাটাও জনহিতকৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ বিশেষকৈ ক’ভিডসৃষ্ট পৰিস্থিতিত আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত আর্থিকভাৱে ক্ষতিগ্রস্ত বাছচালক–হেণ্ডিমেন লগতে পূজাৰী–নামঘৰীয়াসক্ সাহায্য প্রদান, অৰুণোদয় আঁচনিৰ মাহিলি ধন ৮৩০ টকাৰ পৰা এহাজাৰ টকালৈ বৃদ্ধি, প্রতিমাহে একোখন কেবিনেট বৈঠক জিলা সদৰত অনুষ্ঠিত কৰা আদিৰ দৰে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এনে সিদ্ধান্তৰ ফলত ৰাজ্যৰ দৰিদ্র জনসাধাৰণ উপকৃত হোৱাৰ সমান্তৰালভাৱে প্রশাসনিক ক্ষেত্রখনৰো বিকেন্দ্রীকৰণ হ’ব৷ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়তে এখন সংবাদ মেল সম্বোধন কৰি ১০০ দিনীয়া ৰাজ্য চৰকাৰখনৰ পৰিক্রমা সন্দর্ভত বিস্তৃত খতিয়ান দাঙি ধৰে৷

এই সংবাদ মেলৰ পূর্বে কাছাৰ জিলাৰ লাইলাপুৰ সংলগ্ন অসম–মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ বিষয়া–জোৱানৰ এজনকৈ নিকটাত্মীয়ক আনুষ্ঠানিকভাৱে চৰকাৰী চাকৰিৰ নিযুক্তিপত্র প্রদান কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ ইয়াৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্য চৰকাৰৰ ৰাজ্যিক পুঁজিৰ জৰিয়তে মুঠ ৩.৫ কোটি টকা ব্যয়সাপেক্ষ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্রমৰ নৱনির্মিত আৱাসটো উদ্বোধন কৰে৷

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সকলো ধৰণৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি দোহাৰি অহা মুখ্যমন্ত্রী ড০ শর্মাই এই অনুষ্ঠানতে সমগ্র অসমতে নির্মাণ কৰিবলগীয়া ১০০০টা অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এটা ৰাষ্ট্রীয় হেল্প লাইন নম্বৰ–১৪৫৬৭ মুকলি কৰে৷ সোণাপুৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাৰ এটা গুৰুত্বপূর্ণ ঘোষণা– ৰাজ্য চৰকাৰে ১০০ কোটি টকা ব্যয় সাপেক্ষে ৬৫ বিঘা ভূমি সামৰি সকলো সুবিধা সন্নিৱিষ্টকৰণেৰে বকোত এটা বৃদ্ধ লোকৰ আৱাস আৰু শিশুৰ আশ্রয় গৃহৰ বাবে সংহত চৌহদ নির্মাণ কৰিব৷ এই প্রকল্পটো দুবছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷

তদুপৰি প্রতিখন জিলাতে একোটাকৈ আদর্শ বৃদ্ধ নিৱাস নির্মাণ কৰা হ’ব৷ আজিৰ দিনটোৰ বিয়লিৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাৰ আন এক গুৰুত্বপূর্ণ কার্যসূচী আছিল– শিক্ষা বিভাগত ৭৬৭গৰাকী প্রার্থীক নিযুক্তি প্রদান৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ এক লাখ যুৱক–যুৱতীক নিযুক্তি প্রদান প্রক্রিয়াৰ শুভাৰম্ভ হ’ল৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই মহানগৰীৰ তিনিখন পদপথ সেতু জনসাধাৰণৰ সেৱাত উৎসর্গিত কৰে৷ ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজি ২০১৯–২০ৰ অধীনত নির্মাণ হোৱা এই পদপথ সেতুকেইখন হ’ল– আদাবাৰী–এ টি ৰোড পদপথ সেতু, বড়িপাৰা–এ টি ৰোড পদপথ সেতু আৰু শুক্রেশ্বৰ পদপথ সেতু৷

You might also like