নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ককয়া নিম্ন বুনিয়াদী বিদ্যালয়ত শিশু দিৱস উদযাপন

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ নলবাৰীৰ ১৩৫নং ককয়া নিম্ন বুনিয়াদী বিদ্যালয়ত শিশু দিৱস উদযাপন কৰি বিদ্যালয়খনৰ বিগত বৰ্ষত সৰ্বাধিক নম্বৰ লাভ কৰা তিনিগৰাকী ছাত্ৰ-ছাত্ৰী কস্তুৰী দেৱী, কুলদীপ নাথ আৰু ডিম্পী বৰুৱাক দিপুল ভৰালী সোঁৱৰণী ক্ৰমে “একলব্য বঁটা”, “মেধাশ্ৰী বঁটা” আৰু “কীৰ্তিমান বঁটা” প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰি ২০২১-২২ বৰ্ষৰ সক্ৰিয় ছাত্ৰৰ বঁটা লাভ কৰে জিন্তু হালৈয়ে ৷ একলব্য বঁটাৰ নগদ ২০০০ টকা আৰু মোমেণ্ট’ , মেধাশ্ৰী বঁটাৰ নগদ ১৫০০ টকা আৰু মোমেণ্ট’ আৰু কীৰ্তিমান বঁটাৰ নগদ ১০০০ টকা আৰু মোমেণ্ট’ প্ৰয়াত দিপুল ভৰালীৰ পৰিয়ালে আগবঢ়োৱাৰ বিপৰীতে সক্ৰিয় ছাত্ৰৰ বঁটাৰ নগদ ৫০০ টকা আৰু মোমেণ্ট’ আগবঢ়াইছে পশ্চিম নলবাৰীৰ বিশিষ্ট মণ্ডল কেন্দ্ৰ সমন্বয়ক কমল কুমাৰ তালুকদাৰে৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত ভৰালীৰ সহধৰ্মিণী লিপিকা ভৰালী আৰু পশ্চিম নলবাৰীৰ দুই বিশিষ্ট মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কিশোৰ বৰ্মন আৰু কমল কুমাৰ বৰ্মন৷

You might also like