লাম্পীত প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ : সীমা সমস্যাৰে জৰ্জৰিত অসমৰ এক হিলষ্টেচন হ’ল চিৰসেউজ লাম্পী।এইবাৰ প্ৰথমবাৰৰ বাবে অসমৰ চিৰসেউজ লাম্পীত উদযাপিত হ’ল অসমীয়াৰ বাপোতি সাহোন বিহু উৎসৱটি।অসম-মেঘালয় সীমান্তৰ আপাৰ লাম্পী আৰু লোৱাৰ লাম্পীৰ গোৰ্খা,খাচীৰ লগতে আন সম্প্ৰদায়ৰ লোকে উলহ-মালহেৰে অংশগ্ৰহণ কৰে প্ৰথমবাৰৰ বাবে আয়োজিত সীমান্তৰ বিহুত।অসমৰ হিলষ্টেচন হিচাপে পৰিচিত অসম-মেঘালয় সীমান্তৱৰ্তী লাম্পীত প্ৰথম বাৰৰ বাবে উদযাপিত হয় অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুটি।সীমা সমস্যাৰে জৰ্জৰিত সীমান্তবাসীয়ে প্ৰথমবাৰৰ বাবে লোৱাৰ লাম্পীত অনুষ্ঠিত কৰে ৰঙালী বিহু।১১ ব’হাগত অনুষ্ঠিত হোৱা লাম্পীৰ সীমান্তৰ বিহু অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰয়,কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰনৱ দত্ত গোস্বামী,কামৰূপৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ শইকীয়াৰ লগতে বহুকেইজন প্ৰশাসনিক বিষয়া।ৰঙালী বিহু উপলক্ষে নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত প্ৰথমে গোৰ্খা সম্প্ৰদায়ৰ মহিলাই অসমীয়াতে ভক্তিৰসৰ গীত পৰিবেশন কৰে। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।লাম্পীত প্ৰথমবাৰৰ বাবে বিহু উদযাপনৰ আগভাগ লয় ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰন সদস্য অৰ্জুন চেত্ৰী আৰু লাম্পী আৰক্ষী চকীৰ বিষয়া জিমি শইকীয়াই।বিবাদমান এলেকাত আয়োজিত ৰঙালী বিহুটিয়ে সকলোলৈ কঢ়িয়াই আনক শান্তি-সম্প্ৰীতিৰ এনাজৰী।
প্ৰেৰক প্ৰীতম বায়ন