নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ‘কিংশুক’ৰ প্ৰতিষ্ঠা দিৱস পালন-‘কিংশুক আদৰ্শ বঁ‌টা’ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ মৰিয়নিৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক- ক্ৰীড়া অনুষ্ঠান ‘কিংশুক ক্ৰীড়া আৰু সাংস্কৃতিক চ’ৰা’ৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষ্যে পুৱা কিংশুকৰ পতাকা উত্তোলন কৰি কাৰ্য্যসূচী মুকলি কৰে সভাপতি তৰুণ শইকীয়াই । এই অনুষ্ঠানত উপস্থিত থাকি কিংশুকৰ জ্যেষ্ঠ সদস্য ধীৰেন দত্ত, অৰুণ বেৰিয়া আদিয়ে বক্তব্য প্ৰদান কৰে । সন্ধিয়া কিংশুকৰ প্ৰেক্ষাগৃহত ‘হাঁ‌হিম – নাচিম আৰু গাম জীৱনৰ গান’ শীৰ্ষক এক বৰ্ণাঢ্য কাৰ্য্যসূচী অনুষ্ঠিত হয় । প্ৰতিষ্ঠাপক সভাপত- সম্পাদক ক্ৰমে নিৰেন বৰঠাকুৰ আৰু ৰঞ্জিত গোহাঁইবৰুৱাই কেক্ কাটি অনুষ্ঠান আৰম্ভ কৰে । এই অনুষ্ঠানত প্ৰতিষ্ঠাপক সদস্য অজিত শইকীয়া, অৰূপ চেতিয়া, ৰাতুল হাতীবৰুৱা আৰু তৰুণ শইকীয়া আদিও উপস্থিত থাকে । কিংশুক চ’ৰাই এইবছৰৰ পৰা আৰম্ভ কৰা ‘কিংশুক আদৰ্শ বঁ‌টা’ এইবাৰ ৯ জনলৈ আগবঢ়োৱা হয় । কৃতী শিক্ষক মনোজ কুমাৰ শৰ্মা, মৰিয়নিৰ যান বাহন আৰক্ষী অজিত কটকী, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু যুৱ সমাজকৰ্মী কৃষ্ণ শৰ্মা, সম্প্ৰতি লণ্ডনত অধ্যয়ন কৰি থকা কৃতী ছাত্ৰী নিবেদিতা হাতীবৰুৱা, চিকিৎসা কৰ্মী ৰানা মিত্ৰ, সুদক্ষ বেংক বিষয়া উত্তম মজুমদাৰ, কৃতী ছাত্ৰ তথা সহকাৰী আৰ্কিটেক জেতবন কছাৰী, এৰি কাপোৰৰ বস্ত্ৰ প্ৰস্তুতকৰ্তা যুৱ উদ্যোগী প্ৰতীম শইকীয়া আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত ২৫ বছৰ অভিনয় কৰা সুদক্ষ অভিনেতা দেৱজিত বৰাক ‘কিংশুক আদৰ্শ বঁ‌টা’ৰে সন্মানিত কৰা হয় । মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী হেমকান্ত বুঢ়াগোঁ‌হাই, কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপ নাথ, সমাজকৰ্মী- ক্ৰীড়া সংগঠক বিপুল শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ নেকিব ইছলাম, নাট্যকাৰ- পৰিচালক সমৰেশ চক্ৰৱৰ্তী, জ্যেষ্ঠ নাট্যকৰ্মী দ্বীপ শৰ্মা, প্ৰতিষ্ঠাপক সভাপতি নিৰেন বৰঠাকুৰে তেওঁলোকক চেলেং চাদৰ, স্মাৰক আদি প্ৰদান কৰে । বঁ‌টা গ্ৰহণ কৰি মনোজ কুমাৰ শৰ্মা, অজিত কটকী আৰু দেৱজিত বৰাই বক্তব্য প্ৰদান কৰি ‘কিংশুক’ৰ এনে কাৰ্য্যত অভিভূত হৈ পৰা বুলি উল্লেখ কৰে । আনহাতে একেটা অনুষ্ঠানতে মৰিয়নি পৌৰসভাৰ নিৰ্বাচনত সদ্য বিজয়ী ৱাৰ্ড সদস্যসকল ক্ৰমে প্ৰদীপ দাস, শংকৰ চক্ৰৱৰ্তী, কাজল ভট্টাচাৰ্য্য, ৰঞ্জুশ্ৰী দাস, কস্তুৰী আগৰৱালা গগৈ, চুমকি মজুমদাৰ দত্ত, গায়ত্ৰী চক্ৰৱৰ্তী, বিশ্বপ্ৰভা শইকীয়া , বিজন মজুমদাৰ আৰু পিকলু ৰয়ক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছত প্ৰদীপ দাস, বিশ্বপ্ৰভা শইকীয়া আৰু বিজন মজুমদাৰে বক্তব্য প্ৰদান কৰি তেওঁলোকে মৰিয়নি নগৰ আৰু মৰিয়নিবাসীৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । কিংশুকৰ সম্পাদক দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোতে জাম্প ৰ’প ফেডাৰেছন অৱ ইণ্ডিয়াৰ উদ্যোগত উত্তৰ প্ৰদেশৰ আগ্ৰাত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়’ৰ জাম্প ৰ’প চেম্পিয়নশ্বিপলৈ অসম দলৰ হৈ নিৰ্বাচিত হোৱা দুই প্ৰতিভাৱান খেলুৱৈ মৃগাংকিকা বৰা আৰু দৰ্শনা শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত প্ৰতিষ্ঠাপকক সভাপতি নিৰেন বৰঠাকুৰ, মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰ, সভাপতি তৰুন শইকীয়া আদিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি কিংশুকৰ উত্তৰোত্তৰ কামনা কৰে । মনোগ্ৰাহী অনুষ্ঠানটোত কণমানি শিল্পী বিস্মিতা চাহুৰ লগতে দুলুমনি মালাকাৰ হাতীবৰুৱা, প্ৰিয়াংকী হাজৰিকা, অনন্যা শইকীয়া, তপন চক্ৰৱৰ্তী আৰু শিশিৰ কুমাৰ বৰঠাকুৰৰ গীতে সকলোকে মুগ্ধ কৰে । তাৰোপৰি উদীয়মান গায়ক মনদ্বীপ মাজুলী আৰু কপিল বৰুৱাৰ গীতৰ অনুষ্ঠান আছিল অন্যতম আকৰ্ষণীয় । ইয়াৰ লগতে শিক্ষক প্ৰিতম কুমাৰ শইকীয়াৰ স্বৰচিত কবিতা, নাট্যশিল্পী দ্বীপ কুমাৰ শৰ্মা, শিক্ষাবিদ- নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱাৰ কবিতা পাঠৰ অনুষ্ঠান আৰু শিক্ষক তথা সাংবাদিক জয়দ্বীপ বুঢ়াগোঁ‌হাইৰ খুহুতীয়া বক্তব্যই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । আনহাতে, মৃগাংকিকা বৰা, দৰ্শনা শইকীয়া আৰু গুণগুণ নুৰ দ্বাৰা পৰিবেশিত দলীয় নৃত্যয়ো সকলোকে আপ্লুত কৰে । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকিব নোৱাৰিলেও লিখিত শুভেচ্ছামূলক বক্তব্য প্ৰেৰণ কৰা অনুষ্ঠানটোত চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়া, মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰীতা বৰুৱা বৰঠাকুৰ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰ, ব্যৱসায়ী ৰুবুল হাতীবৰুৱা, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা, ব্যৱসায়ী উৎপল চক্ৰৱৰ্তী, ব্যৱসায়ী তপন দাস, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হাই, প্ৰাক্তন সম্পাদক প্ৰাণজ্যোতি শৰ্মা, শিক্ষক চহন কানু, ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অলকেশ হাজৰিকা, অভিনেত্ৰী দিপীকা দত্ত, মহিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান এনাজৰীৰ সম্পাদিকা কবিতা ( বন্দিতা ) বুঢ়াগোঁ‌হাই, যুৱ ব্যৱসায়ী পংকজ হাতীবৰুৱা, প্ৰবীন ডেকা, পল্লৱ দত্ত (বুবু), পিঞ্জু বুঢ়াগোঁ‌হাই, নবাব আবিদ হুছেইন, ৰাজেন নেওগ, ৰাজীৱ ভট্টাচাৰ্য্য ( নিতু ), ত্ৰিদ্বীপ গগৈ (দ্বীপ), মৰিয়নি যুৱ সমাজৰ সম্পাদকদ্বয় অপৰাজিত শইকীয়া , সঞ্জয় খাউণ্ড আদি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like