কলকাতাত প্ৰথমবাৰলৈ মহিলা অসমীয়া বিষয়াই কৰিলে গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন
নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ লকডাউনৰ পাছত এইবাৰ ৭২ তম গণৰাজ্য দিৱস উদযাপন কৰিছে ৰাজ্যবাসীয়ে উলহ -মালহেৰে। ব্যতিক্ৰম নহয় সুদূৰ পশ্চিমবংগতো। ৰাজ্যখনৰ ৰাজধানী কলকাতাত উৎসৱমুখৰ পৰিবেশ।
কলকাতাৰ অসম ভৱনত এইবাৰ এগৰাকী অসমীয়া অসামৰিক বিষয়াই কৰিলে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন। আজি কলকাতাৰ আছাম ছ’চিঅ’লিটাৰেৰী ক্লাব (১৮৭২) প্ৰমুখ্যে কলকাতাবাসী অসমীয়া সমাজৰ ভালেসংখ্যক ৰাজহুৱা গণ্য মান্য ব্যক্তি আৰু অসম ভৱনৰ সমূহ কৰ্মচাৰীৰ উপস্থিত আছিল উল্লেখনীয়। কলকতাৰ অসম ভৱন প্ৰাংগণত আৰক্ষী তথা বেটেলিয়ান বিষয়াৰ উপস্থিতিত কলকতাত নৱনিযুক্ত লায়েচন বিষয়া মিৰিণ্ডা দাসে পতাকা উত্তোলনৰে পুৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।