নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছালৰ সৈতে ছালৰ সম্পৰ্ক নহলে যৌন নিৰ্যাতন বুলি গণ্য কৰা নহ’বঃ বোম্বে উচ্চ ন্যায়ালয়

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ  কাপোৰৰ ওপৰেদি ছালৰ সৈতে সংস্পৰ্শ নোহোৱাকৈ নাবালিকাৰ দেহত হাত দিলে POCSO Act ৰ আইনৰ অধীনত যৌন নিৰ্যাতন হিচাপে বিবেচিত নহয়। এই ৰায়দান দিছে বোম্বে উচ্চ ন্যায়ালয়ে।

বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ পুষ্পা গানেদিৱালাই যোৱা ১৯ জানুৱাৰীত দিয়া এক ৰায়দানত কৈছিল যে যৌন উৎপীড়ন বুলি বিবেচনা কৰা কাৰ্যৰ বাবে “যৌন উদ্দেশ্যৰ সৈতে উভয় শৰীৰৰ সংস্পৰ্শ” হ’ব লাগিব।

উল্লেখ্য যে এজন ৩৯ বছৰীয়া ব্যক্তিক ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড বিহিছিল ছেছন ক’ৰ্টে। উক্ত ৰায় সন্দৰ্ভত শুনানি লৈ ন্যায়াধীশ পুষ্পা গানেদিৱালাই ৰায়দানত কয় যে যিহেতু পোছাক নোখোলাকৈ অভিযুক্তই নাবালিকাৰ বুকুত হাত দিছিল, সেয়ে পকছ’ আইনৰ আওতাত সেয়া যৌন নিৰ্যাতন হিচাপে গণ্য কৰা নহ’ব। কিন্তু ৩৫৪ (শ্লীলতা হানি) ধাৰাত লোকজনক দোষী সাব্যস্ত কৰা হৈছে। এই ধাৰাত ন্যূনতম শাস্তি ১ বছৰৰ কাৰাবাস, পকছ’ ধাৰাত যৌন নিৰ্যাতনৰ ন্যূনতম শাস্তি ৩ বছৰ কাৰাবাস।

You might also like