নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ নলবাৰী জিলাৰ ঐতিহাসিক ৰাইজমেল কদমতল, বৰ্তমানৰ ৰাজকদমতলৰ শ্ৰীশ্ৰীহৰি মন্দিৰ, পাণ্ডাৰথান প্ৰাংগণত ৰাজহুৱা সভা মহোৎসৱৰ শতবাৰ্ষিকী উৎসৱটি আজি মঙলবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। সন্ধিয়া সভা মহোৎসৱ সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত অনুষ্ঠিত উন্মোচনী সভাত স্মৃতিগ্ৰন্থ “স্মৃতি বৈভৱ” উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। স্মৃতিগ্ৰন্থখনৰ সম্পাদক সুভাষ বৰ্মনে আঁত ধৰা উন্মোচনী সভাখনত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন দাস, জিলা সহকাৰী আয়ুক্ত উদেষ্ণা শৰ্মা, নলবাৰী পোৰপতি জয়শ্ৰী তালুকদাৰ, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি গিৰিশ তালুকদাৰ উপস্থিত থাকে।
প্ৰেৰক শ্বাহ আলম আহমেদ