নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মাৰ্চঃ নামৰূপ সাৰ কাৰখানাক লৈ সুখবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই। কিয়নো নামৰূপত Neno India আৰু DAPৰ দুটা প্লাণ্ট নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। প্লাণ্ট দুটা স্থাপন সম্পূৰ্ণ হলে নামৰূপ সাৰ প্ৰকল্পই উত্তৰ-পূবৰ লগতে অসমৰ সাৰৰ প্ৰয়োজনীতা পূৰণ কৰিব। কিয়নো নামৰূপত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প। ইয়াত উৎপাদিত Neno India আৰু DAP বিদেশতো ৰপ্তানি কৰিব পৰা যাব। এই দুই প্ৰকল্প নিৰ্মাণ হ’লে এই অঞ্চলৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব। তদুপৰি ডিব্ৰুগড় অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে ৫ বিঘা ভূমি আবণ্টন দিয়া হৈছে, য’ত কমিউনিটী হ’ল, ল’ৰা-ছোৱালীৰ বাবে ক্ৰীড়াৰ সুবিধা উপলব্ধ হ’ব। এই প্ৰকল্পই ডিব্ৰুগড়বাসী ৰাইজৰ মাজত বৃহৎ ইতিবাচক পৰিৱৰ্তন আনিব।