নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রদ্রোহ আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত কেন্দ্ৰৰ

বিশেষ বাৰ্তা, ১১ মার্চঃ ব্রিটিছ শাসন কালৰ আইন প্রত্যাহাৰেৰে প্রস্তাৱিত আইনৰ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰৰ৷ জনতাৰ আকাংক্ষা আৰু সময়সাময়িক আৱশ্যকতাৰ প্রতি লক্ষ্য ৰাখি ব্রিটিছ কালৰ আইন প্রত্যাহাৰেৰে দেশৰ অপৰাধিক ন্যায়িক ব্যৱস্থাক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আজি লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই তিনিখন বিধেয়কৰ ভিতৰত এখনৰ জৰিয়তে বহু চর্চিত ব্রিটিছ শাসনকালৰ ৰাষ্ট্রদ্রোহ আইনক প্রত্যাহাৰ কৰা হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে লোকসভাত উত্থাপন কৰা তিনিখন বিধেয়কৰ জৰিয়তে জনসাধাৰণৰ আকাংক্ষাক প্রতিফলিত কৰা আইন ব্যৱস্থা গঢ়ি তোলা আৰু শীঘ্রে ন্যায় প্রদানৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ গৃহমন্ত্রী শ্বাহে সদনত উত্থাপন কৰা বিধেয়ক তিনিখন হৈছে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) বিধেয়ক ২০২৩৷ এই বিধেয়কখনে ভাৰতীয় দণ্ডবিধি ১৮৬০ৰ স্থান ল’ব৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) বিধেয়ক ২০২৩য়ে অপৰাধীক প্রক্রিয়া আইন ১৮৯৮ৰ স্থান ল’ব৷ আনপিনে ভাৰতীয় সাক্ষ্য (বিএছ) বিধেয়খনে ভাৰতীয় সাক্ষ্য আইন ১৮৭২ৰ স্থান ল’ব৷ এই তিনি বিধেয়কৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ উদ্যম আৰু দেশৰ অপৰাধ ন্যায়িক ব্যৱস্থাক ৰূপান্তৰিত কৰা হ’ব৷ বিধেয়ক কেইখন উত্থাপন কৰি গৃহমন্ত্রী শ্বাহে কয় যে ব্রিটিছ শাসনকালৰ আইন কেইখন সলনি কৰাৰ মূল লক্ষ্যই হৈছে জনতাৰ আকাংক্ষা আৰু সমসাময়িক প্রয়োজনক ধৰি ৰাখি শীঘ্রে ন্যায় আৰু এক আইনী ব্যৱস্থা গঢ়ি তোলা৷ বিএনএছ বিধেয়কখনে ৰাষ্ট্রদ্রোহ আইনখন প্রত্যাহাৰ কৰিব৷ নতুন আইনখনৰ জৰিয়তে মব লিংছিং আৰু শিশুৰ ধর্ষণৰ অভিযুক্তক গুৰুতৰ অপৰাধ হিচাপে সাব্যস্ত কৰি চূড়ান্ত শাস্তি বিহা হ’ব৷ অপৰাধ প্রতিৰোধ কৰাৰ এক পৰিৱেশ সৃষ্টিৰ বাবেই চূড়ান্ত শাস্তি প্রদান কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ দেশৰ অপৰাধীক ন্যায়িক ব্যৱস্থাক ৰূপান্তৰিত কৰাৰ লক্ষ্য এয়াই নহয় যে শাস্তিয়ে প্রধান লক্ষ্য৷ ইয়াৰ প্রধান লক্ষ্য হৈছে ন্যায় প্রদান কৰা৷ তিনি বিধেয়ক উত্থাপন কৰি গৃহমন্ত্রী শ্বাহে লোকসভাৰ অধ্যক্ষক তিনিখন বিধেয়ককে সংসদীয় ষ্টেণ্ডিং কমিটীলৈ পৰীক্ষাৰ বাবে প্রেৰণৰ আহ্বান জনায়৷ মন কৰিবলগীয়া যে ব্রিটিছৰ শাসনকালৰ আইন কেইখনে ন্যায় প্রদানতকৈ শাস্তি দিয়াতহে প্রাধান্য দিছিল৷ সাংবিধানিক গণতান্ত্রিক আকাংক্ষাৰ সৈতে সকলো নাগৰিকক দ্রুত ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে এই তিনি বিধেয়ক৷ মোদী চৰকাৰৰ সব কা সাথ সব কা বিকাশ সব কা বিশ্বাস আৰু সব কা প্রয়াস মন্ত্রক প্রাধান্য দিয়ে এই বিধেয়কৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি কয় গৃহমন্ত্রী শ্বাহে৷

You might also like