নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত যোগ দিৱস পালন চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ(CBC) আঞ্চলিক কাৰ্য্যালয়, গুৱাহাটীৰ উদ্যোগত আজি কেন্দ্ৰীয় বিদ্যালয়, নুনমাটিত আদৰ্শ যোগাভ্যাসৰ প্ৰদৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ কাৰ্য্যসূচীৰ আৰম্ভণিতে যোগ প্ৰশিক্ষক সুমন দেৱী চৌধুৰীয়ে প্ৰদৰ্শন কৰা অনুশীলনত বিদ্যালয়খনৰ ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। নিজৰ আৰু সমাজৰ বাবে যোগাসন বিষয়বস্তুৰে আয়োজিত দুদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্য্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠানঅনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত আমাৰ দৈনন্দিন জীৱনৰ অলেখ উপকাৰ-সাধনকাৰী যোগ আৰু ইয়াৰ উৎপত্তিৰ ওপৰত ৩০ৰো অধিক পেনেল প্ৰদৰ্শন কৰা হৈছে। ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা আইঅ’চিএল, গুৱাহাটীৰ মুখ্য মহাপ্ৰবন্ধক আৰু শোধনাগাৰ মুৰব্বী পি. কে. বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধনেৰে দৈনন্দিন জীৱন-যাত্ৰাত যোগক অন্তৰ্ভুক্তকৰণৰ তাৎপৰ্য্যসম্পৰ্কে আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এটি সুস্থ শৰীৰ আৰু দৃঢ়মনৰ গৰাকী হ’বলৈ দৈনিক যোগৰ অনুশীলন কৰিবলৈ আহ্বান জনায়। ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান সতীশ নম্বুদিৰিপাদে কয়, “যোগৰ অৰ্থ হ’ল শৰীৰ আৰু মনৰ সমন্বয়। ই আমাৰ জীৱনৰ এটি ইতিবাচক আৰু সুস্থ শৈলী গঢ়ি তোলাত বৰঙণি যোগায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে ইয়াৰ অনুশীলন কৰিলে তেওঁলোকৰ উপকাৰ হ’ব।” তেওঁ মনোযোগ বৃদ্ধি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈয়ো আহ্বান জনায়। এই অনুষ্ঠানত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সহকাৰী আয়ুক্ত নৰেশ কুমাৰ, কেভি-নুনমাটিৰ অধ্যক্ষা ডলী দাস আৰু মায়ং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহানন্দ বৰাও বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। ইয়াতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত চিবিচি, গুৱাহাটীৰ গীত আৰু নাট শাখাৰ শিল্পীসকলে লোকগীত আৰু নৃত্য পৰিবেশন কৰে। আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে দেশজোৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনেৰে সংগতি ৰাখি গুৱাহাটী মণ্ডলৰ পাঁচটা ক্ষেত্ৰীয় কাৰ্য্যালয় যথাঃ ডিফু, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ আৰু বৰপেটাতো সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। চিবিচি-ডিফুৰ উদ্যোগত ডিফু বালিকা মহাবিদ্যালয়ত এই দিৱস উপলক্ষে যোগাসন প্ৰদৰ্শন কৰা হয়। ইয়াত ছাত্ৰীসকলৰ মাজত বিষয়-ভিত্তিক কুইজৰো আয়োজন কৰা হয়। ডিব্ৰুগড়তো চিবিচিয়ে নন্দলাল বৰগোহাঁই চিটি কলেজত যোগ প্ৰদৰ্শন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰে এই দিৱস উদযাপন কৰে। চিবিচি-তেজপুৰে পাব তেজপুৰত এখনি মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজনেৰে এই দিৱস উদযাপন কৰে। শিলচৰ আৰু বৰপেটা নগৰতো ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনেৰে স্থানসমূহত যোগ প্ৰদৰ্শনৰ অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানৰ দ্বিতীয় দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগ বিষয়ক চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ সামৰণি অনুষ্ঠানত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।

You might also like