নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ আইনী জটিলতাৰ বাবেই অসমসহ উত্তৰ–পূর্বাঞ্চলৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰিবলৈ বাধ্য হৈছে কেন্দ্রীয় চৰকাৰ৷ ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও তথা ২০২১ চনৰ লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈ ২০২০ চনৰ ৬ মার্চত জাৰি কৰা ৰাজপত্রিত অধিসূচনাযোগে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া হাতত লোৱাটো যে ভুল আছিল, সেয়া আজি একপ্রকাৰ স্বীকাৰ কৰি লৈছে কেন্দ্রীয় আইন মন্ত্রী কিৰেণ ৰিজিজুৱে৷ লোকসভাৰ প্রশ্ণোত্তৰ কালত সাংসদ প্রদ্যুৎ বৰদলৈয়ে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত মন্ত্রী ৰিজিজুৱে কয় যে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ বিৰুদ্ধে আদালতত একাধিক গোচৰ ৰুজু হৈ আছিল৷ সেয়েহে চলিত বর্ষৰ ৩ মার্চত আন এক ৰাজপত্রিত অধিসূচনাযোগে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আন তিনিখন ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এক কথাত ক’বলৈ গ’লে যোৱা ৩ মার্চৰ ৰাজপত্রিত অধিসূচনাখনৰ দ্বাৰা ২০২০ চনৰ ৬ মার্চত জাৰি কৰা ৰাজপত্রিত অধিসূচনাখন প্রত্যাহাৰ কৰা হ’ল৷

মন্ত্রী ৰিজিজুৱে প্রদান কৰা বিবৃতিত কোৱা হৈছে যে ২০০২ চনতো এই চাৰিখন ৰাজ্যৰ বাবে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া হাতত লোৱা হৈছিল৷ পিছে ৰাজ্যসমূহৰ বিপর্যস্ত আইন–শৃংখলা পৰিস্থিতিৰ বাবে সেই সময়তো এই প্রক্রিয়া বাতিল কৰিবলগীয়া হয়৷ বাস্তৱত ৰাজ্যসমূহে কৰা অনুৰোধৰ বাবেই কেন্দ্রীয় চৰকাৰে সেই সময়ত উক্ত সিদ্ধান্তত উপনীত হৈছিল৷ উল্লেখ্য যে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগাৰলেণ্ডত সমষ্টি পুনৰ নির্ধাৰণ কৰিব বিচাৰিছিল৷

পিছে কেন্দ্রৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই উক্ত ৰাজ্যসমূহৰ একাধিক দল–সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ ন্যায়ালয়ৰ সমুখত দল–সংগঠনসমূহ প্রশ্ণ আছিল– ২০১১ৰ লোকপিয়ল থকা সত্ত্বেও তথা ২০২১ৰ লোকপিয়ল হ’বলৈ আৰু বেছিদিন নথকা অৱস্থাত কেন্দ্রই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণ কৰাৰ কি যুক্তি আছে? বিগত বছৰটোত উচ্চতম ন্যায়ালয়ে সমগ্র বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰক এখনৰ পাছত এখনকৈ জাননী জাৰি কৰিছিল যদিও কেন্দ্রীয় চৰকাৰে ন্যায়ালয়ৰ সমুখত কোনো উত্তৰ কিম্বা শপতনামা দাখিল কৰা নাছিল৷ তদানীন্তন মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেৰ নেতৃত্বাধীন বিচাৰপীঠে আনকি ক্ষুব্ধ হৈ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া সংক্রান্ত গোচৰসমূহৰ একপক্ষীয়ভাৱে ৰায়দান কৰাৰ ভাবুকি দিছিল৷ তাৰ মাজতে চলিত বর্ষৰ ৩ মার্চত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে সংশোধিত ৰাজপত্রিত অধিসূচনাখন জাৰি কৰে৷ লক্ষণীয়ভাৱে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰা হৈছে যদিও জম্মু আৰু কাশ্মীৰৰ বাবে এই প্রক্রিয়া অব্যাহত ৰখা হৈছে৷ তাৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাই নেতৃত্বাধীন সমষ্টি পুনৰ নির্ধাৰণ আয়োগৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে৷

You might also like