নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অসমসহ ১৪ ৰাজ্যলৈ কেন্দ্রীয় চৰকাৰে ৰাজহ ঘাটি অনুদানৰ ৬,১৯৫ কোটি টকা মুকলি কৰি দিছে৷ ইয়াৰ ভিতৰত অসমলৈ ৬৩১.৫৮ কোটি টকা মুকলি কৰা হৈছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে টুইটযোগে ১৪ ৰাজ্যলৈ ৰাজহ ঘাটি অনুদানৰ ৬,১৯৫ কোটি টকা মুকলি কৰা বুলি ঘোষণা কৰে৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে ক’ৰোনা সংকটত এই ধনখিনি ৰাজ্যসমূহে অতিৰিক্ত সম্পদ হিচাপে লাভ কৰিছে৷ পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত ৰাজহ ঘাটি অনুদানৰ ৬,১৯৫ কোটি টকাৰ ভিতৰত অসমক মুকলি কৰি দিছে ৬৩১.৫৮ কোটি টকা৷
অসমৰ উপৰি ধন মুকলি কৰি দিয়া ৰাজ্যকেইখন হৈছে অন্ধ্রপ্রদেশ, হিমাচল প্রদেশ, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাব, ছিকিম, তামিলনাডু, ত্রিপুৰা, উত্তৰাখণ্ড আৰু পশ্চিমবংগ৷