নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত অমৃত সৰোবৰ আঁচনি পৰ্যবেক্ষণ কেন্দ্ৰীয় বিষয়ববীয়াৰ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ কামৰূপৰ বকোত শুকুৰবাৰে অমৃত সৰোবৰ আঁচনিৰ ৰূপায়ণৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় বিষয়ববীয়াৰ দল। বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত আলোকজাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা অমৃত সৰোবৰ আঁচনিৰ ৰূপায়ণৰ বুজ ললে কেন্দ্ৰীয় বিষয়ববীয়াৰ দলটোৱে। কেন্দ্ৰীয় বিষয়ববীয়াৰ দলটোত আছে ভাৰত চৰকাৰৰ ভূমি সম্পদ বিভাগৰ প্ৰশাসনিক বিষয়া নীতিন খাড়ে, জল শক্তি অভিযান প্ৰচাৰ ২০২৩ৰ বিজ্ঞানী ৰাজেশ কুমাৰ বাৰ্মা। অমৃত সৰোবৰ পৰ্যবেক্ষণ কালত কেন্দ্ৰীয় দলটোক সংগ দিয়ে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কাকতি, কাৰ্যবাহী অভিযন্তা অপূৰ্ব বৰুৱা, নিৰ্বাচনী বিষয়া মানস বৰা, ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক দীপু ডেকা, বকো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গংগোত্ৰী নেওগ, বকো উন্নয়ন খণ্ডৰ অভিযন্তা মজিদুৰ ৰহমান, দীপক কলিতাৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বহুকেইজন বিষয়া-কৰ্মচাৰী। কেন্দ্ৰীয় দলটোৱে অমৃত সৰোবৰ আঁচনিৰ দ্বাৰা ৰূপায়ণ হোৱা পুখুৰীটো পৰ্যবেক্ষণ কৰি তাত কেইবাপ্ৰকাৰৰ মাছো দিয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like