শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত চৰ-চাপৰিৰ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাবৰ তীব্ৰ বিৰোধীতা কেন্দ্ৰীয় অৰ্ধ-কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগৰ মূল্যৰ বিনিময়ত গুৱাহাটীত স্থাপন হোৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰ-চাপৰিৰ সংস্কৃতি আৰু ঐতিহ্য হোৱাকৈ সুকীয়াকৈ এটি সংগ্ৰহালয় স্থাপনৰ বাবে বিধায়ক শ্বেৰমান আলী আহমেদৰ উদ্যোগত এটা প্ৰস্তাৱ দাখিল কৰা কাৰ্যক অসম আন্দোলনৰ অন্যতম সহযোগী জাতীয় সংগঠন সদৌ অসম কেন্দ্ৰীয়-অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে তীব্ৰ বিৰোধিতা কৰে। পৰিষদৰ সভাপতি চন্দন কান্ত বৰুৱা আৰু সাধাৰণ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই এক প্ৰেছ বিবৃতিত জনায় যে চৰচাপৰিত অবৈধ বিদেশী থকাৰ অভিযোগ বিভিন্ন দল-সংগঠনে কৰি থকাৰ সময়তে অসমৰ জাতীয় সংস্কৃতি-ঐতিহ্য বিপন্ন কৰাৰ যি ষড়যন্ত্ৰ চলাই আছে তাক প্ৰতিৰেধ কৰিবই লাগিব। অবৈধ বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণ আজি পৰ্যন্ত নহল। কা আন্দোলনৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এচাম অবৈধ নাগৰিকে কৰা ধ্বংস লীলাৰ আজিও তদন্ত শেষ নহল। সেয়েহে অসম চৰকাৰে প্ৰস্তাৱিত বিষয়টোত অনতিপলমে হস্তক্ষেপ কৰি বিদেশী নাগৰিকক চিনাক্ত আৰু বহিষ্কাৰ কৰিবলৈ পৰিষদে পুনৰ দাবী জনায়।