নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া শিক্ষা বিভাগৰ কেন্দ্ৰীয় শিক্ষক দিৱস পালন

বিশেষ বাৰ্তা, ৫ চেপ্টেম্বৰ :  তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ইয়াৰ বেঙ্গলী গাৰ্লছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰেক্ষাগৃহত আজি কেন্দ্ৰীয়ভাৱে ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পাল। কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক, লেখক অৰূপ বৰকটকী নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে। শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত তিনিচুকীয়া জিলাৰ ১০ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নিজ বিদ্যালয় তথা বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক উত্তৰণৰ দিশত লগতে সমগ্ৰ জিলাখনৰ শিক্ষাক্ষেত্ৰখনলৈ দীৰ্ঘদিনৰে পৰা নীৰৱে লোকচক্ষুৰ আঁৰত থাকি সেৱা আগবঢ়াই অহা তিনিচুকীয়া জিলাৰ বিভিন্ন পৰ্যায়ৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজৰ পৰা ১০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিৰ্বাচন কৰি তেওঁলোকৰ অক্লান্ত সেৱাৰ মান‍্যতা প্ৰদান কৰি বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো কৃতী শিক্ষকৰ সন্মান জিলা শিক্ষা বিভাগৰ পৰা যঁচা হয়।তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ দ্বাৰা কৃতী শিক্ষকৰ সন্মান জনোৱা শিক্ষক-শিক্ষয়িত্ৰীসকল হৈছে ইন্দ্ৰ বাহাদুৰ লিম্বু, প্ৰধান শিক্ষক কাকজান উচ্চ মাধ‍্যমিক বিদ্যালয়, অমৃত ৰাজখোৱা সহ-শিক্ষক বৰগুৰি উচ্চ মাধ‍্যমিক বিদ্যালয়, চক্ৰ বাহাদুৰ থাপা প্ৰধান শিক্ষক, পূৱ শদিয়া মধ্য ইংৰাজী বিদ্যালয়, হিমাকৰ উপাধ্যায় প্ৰধান শিক্ষক , বাপুটি গগৈ মধ্য ইংৰাজী বিদ্যালয়, সুশীল বৰুৱা সহ-শিক্ষক গুইজান হিন্দী মধ্য ইংৰাজী বিদ্যালয়, হোমেন বৰুৱা প্ৰধান শিক্ষক , আদৰ্শ প্ৰাথমিক বিদ্যালয় তিনিচুকীয়া, গিৰিণ চেতিয়া প্ৰধান শিক্ষক, বৰগাঁও প্ৰাথমিক বিদ্যালয়, ফুলেন মৰাণ প্ৰধান শিক্ষক, নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়, ৰেণু বৰুৱা সহ-শিক্ষয়িত্ৰী, ২নং চপাখোৱা টাউন প্ৰাথমিক বিদ্যালয় আৰু পঞ্চধৰ মৰাণ প্ৰধান শিক্ষক, পুৰণি পুখুৰী মজলীয়া বিদ্যালয়। শিক্ষক দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত স্বপ্নীল পালে এখন প্ৰগতিশীল দেশ তথা সমাজ নিৰ্মাণত শিক্ষকসকলৰ দায়িত্ব অপৰিসীম বুলি উল্লেখ কৰে। সমাজ আৰু বিদ্যালয়সমূহে যৌথভাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক দেশৰ একোজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও জিলা আয়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ায়। বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা এই কাৰ্যসূচীত শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, চেবাৰ অৱসৰী অধ্যক্ষ ধনদেৱ মহন্ত, হাঁহখাটি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকাৰাম চেত্ৰী, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুনদুভি ভট্টাচাৰ্য্য প্ৰমুখ্যে শিক্ষাৰ ক্ষেত্ৰত জড়িত অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰেৰক বিবেক বড়া

You might also like