নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ কমাণ্ডোৰ বাবে বাছনি চফ্ৰাইৰ চান কুমাৰ দত্ত

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ যোৱা ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা ভাৰতীয় চাইবাৰ ক্রাইম সমন্বয়ক কেন্দ্ৰৰ প্ৰথম বার্ষিক প্রতিষ্ঠা দিৱসত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চাইবাৰ ক্রাইম ৰোধ কৰিবৰ নতুন গোট গঠনৰ প্ৰস্তাৱ গ্রহণ কৰে। চাইবাৰ অপৰাধ ৰোধ কৰিবৰ বাবে কেন্দ্রীয় গৃহ বিভাগে চাইবাৰ কমাণ্ডো গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। পাঁচ হাজাৰ কমাণ্ডাৰে গঠন হ’বলগীয়া এই চাইবাৰ কমাণ্ডোৰ বাবে অসম আৰক্ষীৰ ১৭ আৰক্ষী বিষয়া বাছনি কৰিছে গৃহ বিভাগে। ইয়াৰ ভিতৰত চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত চফ্ৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চান কুমাৰ দত্ত নির্বাচিত হৈছে। নির্বাচিত প্রতিনিধিসকলক দেশখনত সংঘটিত হোৱা বিভিন্ন চাইবাৰ ক্ৰাইমসমূহ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দেশৰ উচ্চমানৰ আইআইটি মাদ্রাজ, কাণপুৰ ইত্যাদিত প্রশিক্ষণ প্রদান কৰিব। আগন্তুক পাঁচ বছৰৰ ভিতৰত এই চাইবাৰ কমাণ্ডোসকলক সাজু কৰি তুলিব বুলি জানিব পৰা গৈছে গৃহ বিভাগে।

প্ৰেৰক দীপাংকৰ পাল

You might also like