তিতাবৰৰ জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ নেওগক নিলম্বন
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ তিতাবৰৰ জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ নেওগক নিলম্বন। কৰ্তব্যত গাফিলতিৰ বাবেই নিলম্বন কৰিছে আৰক্ষী বিষয়াগৰাকীক। নিশা তিতাবৰৰ চুঙীৰ কাকডোঙাত সংঘটিত এটা পথ দুৰ্ঘটনাৰ ফলত আহত হৈছিল তিনিজন লোক। তাৰে দুজন লোকক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ৰাইজৰ অজ্ঞাতে আহত এজন লোক পথৰ আনফালে পৰি ৰয়। স্থানীয় ৰাইজে জালুকনিবাৰী আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলী ভালকৈ পৰিদৰ্শন নকৰাৰ ফলতে আহত ৰাজাৰাম ভূমিজ নামৰ লোকজন তাতে পৰি মৃত্যুমুখত পৰে বুলি অভিযোগ স্থানীয় ৰাইজৰ। ইফালে নিশা ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী দলটো সুৰামত্ত অৱস্থাত আছিল বুলিও অভিযোগ স্থানীয় ৰাইজৰ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চুঙি কাকডোঙাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৰাইজে। ইয়াৰ পিছতে জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ নেওগক তাৎক্ষণিকভাৱে নিলম্বন নিৰ্দেশ দিয়ে আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষই।
প্ৰেৰক অজয় শইকীয়া