নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰবাবু নাইডুলৈ নিয়মীয়া জামিন উচ্চ ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ দক্ষতা বিকাশ কেলেংকাৰিৰ গোচৰত চন্দ্ৰবাবু নাইডুক দিয়া জামিনৰ বিৰুদ্ধে অন্ধ্ৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ত উপনীত হৈছে। চন্দ্ৰবাবু নাইডু মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৩০০ কোটিৰো অধিক মূল্যৰ দক্ষতা কেলেংকাৰিৰ অভিযোগ উঠিছে। এই গোচৰত নাইডুক ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ডেৰ মাহতকৈ অধিক সময় কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছত উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। এতিয়া উচ্চ ন্যায়ালয়ে নিয়মীয়া জামিনলৈ ৰূপান্তৰিত কৰিছে।

#বাৰ্তা ডেস্ক

You might also like