🔴ধুবুৰীত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ ৰমেন ডেকাৰ
🔴কংগ্ৰেছৰ তালিকা মাত্ৰ মিডিয়া চমকহে
নিয়মীয়া বাৰ্তা, ১৩ অক্টেবৰঃ আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব। আজি ধুবুৰীত এই দাবী কৰে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকাই। ইয়াৰ কাৰণ ৰূপে সংখ্যালঘু লোকৰ বিজেপিৰ প্ৰতি থকা ধাৰণা সলনি হোৱা বুলি তেওঁ যুক্তি আগবঢ়ায়। আনহাতে লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকাখনৰ ওপৰত মন্তব্য বিচাৰি কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “তেওঁলোকে এটা মিডিয়া চমক দিব খুজিছে এইকাৰণে যে আমাৰ টিকট বিচাৰি বহু মানুহ আহিছে। এইটো এটা চমক তেওঁলোকে দিছে। এইবিলাক চমক হ’ল ক্ষন্তেকীয়া। এইবোৰ চমকে ভোটাৰ ৰাইজক আকৰ্ষিত নকৰে।” উল্লেখ্য যে, আজি ধুবুৰী জিলাৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল প্ৰদান অনুষ্ঠানত অংশ লয় ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকাই। সেই উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰে তেওঁ। উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ ভিতৰতে ধুবুৰী জিলাতেই সৰ্ব্বোচ্চ সংখ্যক চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। জানিব পৰা মতে, জিলাখনৰ ২৪,২৬৫ গৰাকী নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিছে চাইকেল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী