নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ সাক্ষী নোহোৱা কৰা-যৌতুক নোপোৱাৰ ক্ষোভত পত্নীক হত্যা

🔹 নগৰবেৰাত গাঁওপ্ৰধানৰ বিৰুদ্ধে পিতৃ পৰিয়ালৰ চাঞ্চল্যকৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : কামৰূপৰ নগৰবেৰাত গাৰ্হস্থ্য হিংসাৰ ভয়ানক পৰিণতি! যৌতুকৰ বাবেই গাঁওপ্ৰধানে পত্নীক বিহ খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে | নগৰবেৰা ৰাজহ চক্ৰৰ যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ | প্ৰণীতা কলিতা দাস নামৰ মহিলাগৰাকীক নিজৰ পৰকীয়া প্ৰেমৰ সাক্ষী নোহোৱা কৰাৰ উপৰি যৌতুক নাপাই কীটনাশক দ্ৰব্য খুওৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে উত্থাপন কৰে | অভিযোগ অনুসৰি, শুৱালকুছি গাঁৱৰ প্ৰণীতা কলিতাক প্ৰায় ন বছৰ পূৰ্বে মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধান মহাদেৱ দাসৰ সৈতে সামাজিকভাৱে বিয়া দিয়া হৈছিল। বিয়াৰ পাছৰে পৰাই মহিলাগৰাকীক যৌতুক বিচাৰি অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱা বুলিও অভিযোগ উত্থাপন কৰে গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে | তদুপৰি মহাদেৱ দাসৰ পৰকীয়া প্ৰেম থকাৰ কথাও জানিছিল হেনো পত্নীয়ে। নিজৰ পৰকীয়া প্ৰেমৰ সাক্ষী নোহোৱা কৰা আৰু যৌতুক নোপোৱাৰ ক্ষোভত গাঁওপ্ৰধানগৰাকীয়ে পত্নী প্ৰণীতা কলিতা দাসক খাদ্যত কীটনাশক ছটিয়াই পৰিকল্পিতভাৱে হত্যাৰ প্ৰয়াস চলায় আৰু পাছলৈ চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা বুলিও অভিযোগত উল্লেখ কৰে | আনহাতে, চিকিৎসাধীন মহিলাগৰাকীৰ নিশ্চিত মৃত্যুৰ উমান পাই গাঁওপ্ৰধান মহাদেৱ দাসে পলাই যোৱাৰো অভিযোগ | অৱশেষত সোমবাৰে চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু ঘটে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে নিশা প্ৰণীতা দাসৰ মৃতদেহ ক্ৰমে শুৱালকুছি আৰু যোগীপাৰা গাঁৱৰ ৰাইজে মিলি শ্মশানত সৎকাৰ কৰে। মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে মহাদেৱ দাসক বিচাৰি |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like