নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু নির্যাতনকাৰী চিকিৎসক দম্পতীৰ বিৰুদ্ধে চার্জশ্বীট দাখিল

🔴৫৮ দিনত চিজেএম আদালতত অভিযোগনামা

বিশেষ বাৰ্তা, ৪ জুলাই : দুই দেৱশিশুক অকথ্য নির্যাতন চলোৱা চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছে পল্টন বজাৰ আৰক্ষীয়ে ৷ কামৰূপ (ম) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত মহানগৰ আৰক্ষীয়ে এই আংশিক চার্জশ্বীটখন দাখিল কৰে ৷ দুই চিকিৎসকক অভিযুক্ত কৰি আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে তুলি লোৱা দুই সন্তানক পল্টন বজাৰস্থিত বাসগৃহত চিকিৎসক দম্পতীয়ে অকথ্য নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সমগ্র ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ এটি শিশুক প্রখৰ ৰ’দত ছাদৰ এটা খুঁটাত বান্ধি থোৱা চুবুৰীয়াই প্রত্যক্ষ কৰাৰ পাছতে পল্টন বজাৰ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে শিশু দুটিক চিকিৎসক দম্পতীয়ে চলাই অহা অকথ্য নির্যাতনৰ তথ্য পোহৰলৈ আহে৷ দেৱশিশু দুটিৰ স্বাস্থ্য পৰীক্ষা কৰি দাখিল কৰা প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছিল ৷ গৰম পানী ঢালি দিয়াৰ পৰা আৰম্ভ কৰি শিশু দুটিৰ গাত গৰম ইস্ত্রি লগাই দিয়াৰ দৰে অকথ্য নির্যাতন চলাই অহা চিকিৎসক দম্পতীয়ে যৌন নির্যাতন কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ লগতে পকছ’ আইনৰ ধাৰাৰ অধীনত ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ গোচৰ ৰুজু হোৱাৰ ৫৮ দিনত পল্টন বজাৰ আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰে৷ এতিয়াও ফৰেনছিক পৰীক্ষাৰ প্রতিবেদন লাভ নকৰাৰ বাবে এই গোচৰত আৰক্ষীয়ে আংশিক চার্জশ্বীটহে দাখিল কৰিছে৷

You might also like