অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিৰ অভিযোগনামা দাখিল
🔹 বিশেষ আদালতত দাখিল ৩,৭৫৬ পৃষ্ঠাৰ চার্জশ্বীট
বিশেষ বাৰ্তা, ২৯ জুন : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ, চমুকৈ চিএম ভিজিলেঞ্চে অভিযোগনামা বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰে৷ মুঠ ৩,৭৫৬ পৃষ্ঠাজোৰা অভিযোগনামাখনত সাংসদ অজিত কুমাৰ ভূঞাসহ মুঠ ১০জনক অভিযুক্ত কৰা হৈছে৷ সাংসদ ভূঞাৰ বাদেও অভিযোগনামাখনত সন্নিৱিষ্ট আন ৯জন অভিযুক্ত হৈছে ক্রমে এচিএছ বিষয়া শর্মিষ্ঠা বৰা, মুনীন্দ্র বৰদলৈ, হেমন্ত দত্ত, অভিযন্তা দিগন্ত কলিতা, নির্মাণ সমিতিৰ সচিব শংকৰ কলিতা, পার্থপ্রতিম কলিতা, ভাস্কৰ দাস, কামিনী দাস আৰু অতুল চন্দ্র ডেকা৷
মন কৰিবলগীয়া যে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এই কেলেংকাৰিটোত এতিয়া স্বয়ং তদন্তৰ আওতালৈ আহিব ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে, সাংসদগৰাকীৰ আয়বহির্ভূত সম্পত্তিক লৈ তদন্ত কৰা হ’ব৷ ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে ভূঞাৰ ওপৰত তদন্ত কৰিবলৈ ৰাষ্ট্রপতিৰ অনুমোদনৰ প্রয়োজন আৰু সেইবাবেই যাৱতীয় অনুমতি বিচাৰি কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রালয়লৈ এক প্রস্তাৱ প্রেৰণ কৰা হৈছে৷ যাৱতীয় অনুমতি অহাৰ লগে লগে চিএম ভিজিলেঞ্চে গোচৰটো আগুৱাই নিব বুলি সূত্রটোৱে লগতে কয়৷
সূত্রটোৱে সদৰী কৰা মতে, সাংসদগৰাকীৰ পুঁজিৰ অধীনত ৰাজ্যৰ প্রায় ৪৪টা স্থানত পুঁজিৰ অপব্যৱহাৰ সন্দর্ভত তদন্ত কৰিছিল চিএম ভিজিলেঞ্চে৷ কোনোধৰণৰ কাম নকৰাকৈয়ে লাখ লাখ টকাৰ পুঁজি ভুৱা বিল দাখিলেৰে সৰকাই দিয়া হৈছিল৷ ইয়াৰ পূর্বেও টিএম ভিজিলেঞ্চে এই সন্দর্ভত এচিএছ বিষয়া সুকন্যা বৰা, নির্মাণ সমিতিৰ সচিব বিশ্বজিৎ ডেকা আৰু জিতু কলিতাক গ্রেপ্তাৰ কৰিছিল৷ ধৃত তিনিওজনৰ বিৰুদ্ধে যোৱা ২০২৪ চনৰ ৬ ডিচেম্বৰতে অভিযোগনামা দাখিল কৰা হৈছিল৷