নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ লোক্ৰাত জীয়াভৰলী সাহিত্য গোষ্ঠীৰ উদ্যোগত ভানু জয়ন্তী পালন

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : চতিয়া সমষ্টিৰ লোক্ৰাৰ দুৰ্গা মল্ল চ’কত আজি জীয়াভৰলী সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু লোক্ৰা অঞ্চলবাসী ৰাইজৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভানু জয়ন্তী আৰু সাহিত্য গোষ্ঠীটোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । সাহিত্য গোষ্ঠীটোৰ সভাপতি তাৰা পৌড়লৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে গোৰ্খা জাতি অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। গোৰ্খা সকল মোৰ প্ৰাণত আছে। গোৰ্খাসকল আজি ডি ভোটাৰ নহয়। বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ বলিষ্ঠ পৃষ্ঠপোষকতাত আজি গোৰ্খাসকলে ভূমিৰ পট্টা লাভ কৰিছে। গোৰ্খাসকলক এতিয়া ট্ৰাইবেল বেল্টৰ ভূমিও ক্ৰয় কৰাৰ অধিকাৰ দিয়া হৈছে। মই ১৯৯১-৯২ চনত বিশেষ কাৰণত প্ৰাণৰ মমতাত নেপালত আশ্ৰয় লৈ থকাৰ সময়ত গোৰ্খাসকলে বিশেষ সহায় কৰিছিল। গোৰ্খাসকলৰ আজি সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে। অসম চৰকাৰে গোৰ্খা উন্নয়ন পৰিষদ গঠন কৰি গোৰ্খাসকলৰ বিভিন্ন সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ বাবে সকলোপ্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গোৰ্খা সকল বীৰ জাতি। আমি অসমৰ সাতামপুৰুষীয়া সংহতি, ঐতিহ্য, সমন্বয় অটুট ৰাখিবলৈ হ’লে সকলো জাতি হাতত হাত ধৰি সমানুপাতিক ভাৱেৰে আগবাঢ়ি যাব লাগিব। অসমৰ সমন্বয়ক সময়ে সময়ে আঘাত হানিব খোজা অপশক্তিসমূহক আমি একতাৰে মষিমূৰ কৰিব লাগিব। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগেই এচাম বিভাজনকামী লোকে জাতিসমূহৰ মাজত বিভাজনৰ বীজ সিঁচিবলৈ যত্ন কৰে। এইবোৰ আমি সমাজৰ বৃহত্তৰ উন্নয়ৰ স্বাৰ্থত আঁতৰাব লাগিব। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে কয় যে গোৰ্খা জাতিৰ শিক্ষা, স্বাস্থ্য ,যাতায়ত ইত্যাদিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গোৰ্খা উন্নয়ন পৰিষদে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে । গোৰ্খাসকলৰ স্বাভিমান আমি ৰক্ষা কৰিবলৈ সাজু”। অনুষ্ঠানতেই জীয়াভৰলী সাহিত্য গোষ্ঠীৰ প্ৰয়াস নামৰ এখন মুখপত্ৰ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ , অসম নেপালী সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ড০ চিন্তামণি শৰ্মাই । অনুষ্ঠানতেই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা মুঠ ছয়গৰাকীকৈ বিশিষ্ট বয়োজ্যেষ্ঠ সমাজসেৱক, প্ৰাক্তন সৈনিক, খেলুৱৈক আয়োজকে সমিতিয়ে একোখনকৈ অসমীয়া গামোছা, মানপত্ৰ, স্মাৰকৰে বিশেষ সম্বৰ্ধনা জনায়। অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি,সমাজসেৱক সুজিৎ থাপায়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য সদস্য সঞ্জীৱ ছেত্ৰী, জীয়াভৰলী সাহিত্য গোষ্ঠীৰ যুটীয়া সচিব ভীষ্ম অধিকাৰী, অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলাৰ সভাপতি গকুল বছনেট, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ সভাপতি দীপক চুব্বা, অসম নেপালী নাট্য সন্মিলনৰ মূল সচিব পূৰ্ণ কুমাৰ শৰ্মা, সাহিত্যিক ছত্ৰমান চুব্বা, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মূল সচিব প্ৰাঞ্জল প্ৰতিম বৰা, অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ সভাপতি অনিল গৌতম, আগছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল ছেত্ৰী, বালিপৰা উন্নয়ন খণ্ড বিষয়া স্ববনম পাদী, অসম সেনাৰ শোণিতপুৰ জিলাৰ মুখ্য সংগঠক ৰাজনীশ শইকীয়া, কোচ ৰাজবংশী সন্মিলনীৰ সহকাৰী সম্পাদক দোলেন কোচ, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু শাস্ত্ৰীৰ লগতে জীয়াভৰলী সাহিত্য গোষ্ঠীৰ নবীন উপাধ্যায়, তুলসী শৰ্মা, সুৰজ ছেত্ৰী, ঘনশ্যাম সুবেদী, পদ্মলাল শৰ্মা, ভীষ্ম অধিকাৰী, চাৰিদুৱৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে লোক্ৰা অঞ্চলৰ গোৰ্খা জনগোষ্ঠীয় ৰাইজ, ভালেমান বিশিষ্ট আমন্ত্ৰিত অতিথি উপস্থিত থাকে। উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সমবেত সংগীতৰ লগতে গোৰ্খা জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, স্ব-ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয়। একেদৰে অনুষ্ঠান অংশ হিচাপে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙক লগত লৈ ৰাইজৰ উপস্থিতিত দুৰ্গা মল্ল চ’কত আইটাইড পুঁজিৰে নিৰ্মাণ হ’বলগীয়া নয়া লবৰঘাৰী ৰংগমঞ্চ আৰু গোৰ্খা উন্নয়ন পৰিষদৰ আঠ লাখ টকা অৰ্থসাহায্যত নিৰ্মাণ হ’বলগীয়া গোৰ্খা বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ মূৰ্তি নিৰ্মাণ কামৰো আধাৰশিলা স্থাপন কৰে ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like