নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰক প্ৰহাৰক লৈ উত্তপ্ত ছয়গাঁও কলেজ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : বৃহত্তৰ ছয়গাঁও অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান ছয়গাঁও মহাবিদ্যালয়ৰ এজন ছাত্ৰক আজি এজন উদণ্ড যুৱকে প্ৰহাৰ কৰাক লৈ ছয়গাঁও থানাৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কামৰূপৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ খেল বিভাগৰ সম্পাদক সমীৰণ কলিতাক নিৰ্মমভাবে গেৰেজত কৰ্মৰত ইলিয়াছ আলী নামৰ উদণ্ড যুৱকজনে প্ৰহাৰ কৰাৰ পিছতে ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দোষীক কৰায়ত্ব কৰাৰ দাবীত ছয়গাঁও থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ছয়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাৰ দিনা অৰ্থাৎ যোৱা পৰহি দিনা ছয়গাঁও ঢেকেনাবড়ীৰ ইলিয়াছ আলী নামৰ যুৱকজনে মদ্যপান কৰি অনুষ্ঠান চলি থকা সময়তে মঞ্চত উঠি এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ সদস্যসকলে যুৱকজনক মঞ্চৰ পৰা নমাই দিয়ে। যুৱকগৰাকীয়ে মঞ্চৰ পৰা নামি আহি অন্য ছাত্ৰৰ সৈতে কাজিয়াত লিপ্ত হোৱাত ছাত্ৰ একতা সভাৰ সদস্যসকলে কাজিয়াখন ভাঙি দিয়ে আৰু ছাত্ৰ একতা সভাৰ সদস্যসকলে ছাত্ৰ একতা সভাৰ কক্ষলৈ লৈ নি যুৱকজনক বুজাই বঢ়াই ঘৰলৈ পঠাই দিয়ে। উল্লেখ্য যে আজি ছাত্ৰ একতা সভাৰ খেল বিভাগৰ সম্পাদক সমীৰণ কলিতাই ছয়গাঁৱৰ ফাৰ্মাচীত ঔষধ নিব অহাত ইলিয়াছ আলী নামৰ যুৱকজনে কৰ্মৰত গেৰেজৰ পৰা ওলাই আহি সমীৰণ কলিতাক নিৰ্মমভাবে আক্ৰমণ কৰে। কিন্তু গেৰেজত থকা অন্য লোকসকলে চায়ে থাকিল লৰাজনক বচোৱাৰ বাবে কোনো আগবাঢ়ি নাহিল। এই ঘটনা সংঘটিত হোৱাৰ খবৰ পাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লৰাজনক বচোৱাৰ বাবে আগবাঢ়ি অহাৰ পিছত গেৰেজত অন্য লোকসকলে ছাত্ৰকেইজনক আক্ৰমণ কৰাৰ বাবে উদ্যত হয় । লগে লগে ক্ষোভিত শ শ ছাত্ৰ-ছাত্ৰীয়ে অপৰাধীক জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ দাবীত ছয়গাঁও থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য যে ঘটনা সন্দৰ্ভত ছাত্ৰ একতা সভাই দোষীৰ লগতে গেৰেজৰ থকা লোককেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনোৱাৰ লগতে গেৰেজটো বন্ধ কৰাৰ দাবী জনায়। এইক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হব লক্ষণীয় ।
প্ৰেৰক বিশ্বজিৎ কলিতা
You might also like