নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : ৰঙিয়া আৰক্ষীয়ে আছাম ৰাইফলছৰ লেঞ্চ নায়কসহ পাঁচজন লোকক অবৈধ ভাৱে চোৰাং কাঠ সৰবৰাহ কৰাৰ অভিযোগত আটক কৰিবলৈ সক্ষম হয়। লগতে উদ্ধাৰ কৰে পাঁচ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ। নাগালেণ্ডৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰি নি থকা অৱস্থাত উক্ত চেগুন কাঠ জব্দ কৰে। দুখন টাটা যোদ্ধা বাহনত ‘On Army Staff Duty’ ষ্টিকাৰ লগাই সেনা বাহিনীৰ পোছাক পৰিধান কৰি নি থকা মূহুৰ্তত আৰক্ষীৰ জালত পৰে অসম ৰাইফলচৰ লেঞ্চ নায়ক মনমোহন কুমাৰ, বাহন দুখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে কৰিমগঞ্জৰ বচিদ আলী, হোজাইৰ মোস্তাফা আলী, ডবকাৰ জিয়াবুল ইছলাম আৰু হোজাইৰ ফায়েজুৰ ৰহমান। পিছত ৰঙিয়া আৰক্ষীয়ে চেগুন ভৰ্তি দুয়োখন বাহনৰ লগতে অভিযুক্ত পাঁচজনকে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ বিষয়াৰ হাতত চমজাই দিয়ে ।
প্ৰেৰক ফাৰুক হুছেইন