বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ কর্কট ৰোগৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি তথা কর্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ ক্ষেত্রত অপৰিসীম অৱদান আগবঢ়াই যোৱা আন্তঃৰাষ্ট্রীয় কর্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হৈছে ৰাজ্যৰ সর্বোচ্চ অসামৰিক বঁটা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে বিশিষ্ট চিকিৎসকগৰাকীক অসম বৈভৱ বঁটাৰে সন্মানিত কৰাৰ কথা আজি ঘোষণা কৰে৷
উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যৰ প্রতিটো ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱাসকলক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰি আহিছে৷ ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰে বিগত বর্ষত সন্মানিত কৰা হৈছিল ভাৰতৰত্ন ৰতন টাটাক৷ এইবাৰ এই সন্মানেৰে সন্মানিত কৰা হ’ব কর্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রীয়ে এই সন্মানৰ কথা ঘোষণা কৰাৰ লগতে বিভিন্ন ক্ষেত্রত দেখুওৱা অৱদানৰ বাবে পাঁচগৰাকীলৈ অসম সৌৰভ বঁটা আৰু ১৫গৰাকীলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
উল্লেখ্য যে অসম বৈভৱ বঁটাৰে সন্মানিত হোৱা ডাঃ তপন শইকীয়া মহাৰাষ্ট্রৰ নাৰায়ণ দিশিখা ফাউণ্ডেচনৰ অন্যতম পৃষ্ঠপোষক৷ ২০০৪ চনৰ পৰা প্রিন্স আলী খান চিকিৎসালয়ৰ অংক’লজী–গৱেষণা সঞ্চালকৰ মুৰব্বী হিচাপে দায়িত্ব চম্ভালি থকা ডাঃ শইকীয়াই মুম্বাইৰ জচলোক চিকিৎসালয় আৰু গৱেষণা কেন্দ্রৰ সঞ্চালকৰো দায়িত্বত আছে৷ বহু বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ থকা চিকিৎসকগৰাকীয়ে অসমত কেইবাটাও নিয়মীয়া কর্কট শিবিৰত অংশগ্রহণ কৰে৷ ৰাজ্যখনৰ পৰা কর্কট ৰোগৰ চিকিৎসাৰ বাবে যোৱা ৰোগীসকলক বিশেষভাৱে সহায়–সহযোগিতা আগবঢ়াই অহা ডাঃ তপন শইকীয়াক অসম বৈভৱ বঁটাৰ বাবে মনোনীত কৰা হৈছে৷
আনহাতে, অসম সৌৰভ বঁটাৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ মনোনীত কৰিছে পাঁচগৰাকী লোকক৷ ইয়াৰে অন্যতম অসম ভ্রাম্যমাণ নাট্য জগতৰ পিতৃস্বৰূপ কৃষ্ণ ৰয়৷ বৰপেটা জিলাৰ পাঠশালাত আৱাহন থিয়েটাৰৰ জন্ম দি মঞ্চনাটৰ জৰিয়তে বিশেষ অৱদান আগবঢ়াই অহা কৃষ্ণ ৰয় হৈছে ভ্রাম্যমাণ থিয়েটাৰৰ পথ প্রদর্শক৷ অসম সৌৰভ বঁটাৰে সন্মানিত হ’ব লগা আনজন ব্যক্তি হ’ল গিলবার্ট চাংমা৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ফুটবল খেলুৱৈগৰাকীক এইবাৰ অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হ’ব৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ এগৰাকী আকর্ষণীয় ফুটবল খেলুৱৈ হিচাপে পৰিচিত হৈ অহা গিলবার্ট চাংমাৰ নেতৃত্বতে অসম আৰক্ষী ফুটবল দলে বিশেষভাৱে পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছিল৷ গিলবার্ট চাংমাৰ নেতৃত্বত সন্তোষ ট্রফী আৰু ৰাষ্ট্রীয় ফুটবল চেম্পিয়নশ্বিপত অসমে প্রতিনিধিত্ব কৰিছিল৷ তদুপৰি তেওঁ ইণ্ডোনেছিয়াৰ মাৰাহ হালিম কাপত ৰাষ্ট্রীয় দলক প্রতিনিধিত্ব কৰাৰ লগতে দক্ষিণ কোৰিয়া, টাইৱান, থাইলেণ্ড আদি দেশতো ৰাষ্ট্রীয় দলৰ সদস্য আছিল৷ দীঘলীয়া খেলুৱৈ জীৱনত তেওঁ অনেক গ’ল কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ খেলত দেখুওৱা অভাৱনীয় কৌশল তথা ড্রিলিঙৰ বাবে যথেষ্ট প্রশংসনীয় হৈছিল৷
অসম সৌৰভ বঁটাৰ বাবে এইবাৰ মনোনীত হৈছে কমনৱেলথ গেমছত স্বর্ণপদক আঁজুৰি আনিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন লনবল খেলুৱৈ নয়নমণি শইকীয়া৷
আনহাতে, বিশিষ্ট বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াকো এইবাৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে ড০ বিনয় কুমাৰ শইকীয়া এন ই আই এছ টিৰ প্রধান বিজ্ঞানী৷ এন ই আই এছ টিৰ সামগ্রী বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ কয়লা–শক্তি গৱেষণা গোটক নেতৃত্ব দিয়া বিশিষ্ট বিজ্ঞানীগৰাকীয়ে কয়লাৰ পৰা নীলা, ফ্ল’ৰ’চেন কার্বন কোৱাণ্টাম বিন্দু উৎপাদনৰ বাবে এক প্রযুক্তি বিকশিত কৰিবলৈ সক্ষম হৈছে আৰু পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ, গ্রহ বিজ্ঞানত শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰে সন্মানিত হৈছে৷
অসম সৌৰভ বঁটাৰে সন্মানিত হোৱা ড০ শশীধৰ ফুকন হ’ল বিশিষ্ট চিকিৎসক৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হিচাপে কার্যনির্বাহ কৰি থকা ডাঃ শশীধৰ ফুকনে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এম বি বি এছ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ই এন টি বিভাগত পি জি ডিপ্ল’মা কৰিছে৷ মাজুলীৰ কমলাবাৰী চি এইচ ইত এম এন এইচ অ’ হিচাপে এক দীঘলীয়া সময় অতিক্রম কৰিছে৷ ১৯৮৬ চনৰ পৰা ১৯৯৯ চনলৈকে মাজুলীৰ দুর্গম যাতায়াত ব্যৱস্থাৰ মাজতো নদীদ্বীপবাসীক চিকিৎসা প্রদানৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছিল শশীধৰ ফুকনে৷
ইফালে, অসম গৌৰৱ বঁটাৰ বাবে আজি ৰাজ্য চৰকাৰে মনোনীত কৰিছে ১৫গৰাকী বিশিষ্ট ব্যক্তিক৷ এইসকল হ’ল– সমাজকর্মী ধৃতিমালা ডেকা, পশুপালক দেৱজিৎ বর্মন, প্রকৃতিবিদ ৰুস্তম বসুমতাৰী, উদ্যোগী মাঞ্জেলা, প্রকৃতিবিদ বিনন্দ হাতীবৰুৱা, শিক্ষাবিদ অতুল চন্দ্র বৰুৱা, সমাজকর্মী কল্যাণী ৰাজবংশী, আশাকর্মী শীলা গোৱালা, ৰেচম শিল্প গৱেষক ড০ যোগেশ দেউৰী, ব্যৱসায়ী পংকজ লাল গগৈ, আদর্শ খেতিয়ক সর্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, উদ্যান শস্য গৱেষক ড০ ধ্রুৱজ্যোতি শর্মা, মুখাশিল্প দয়াল গোস্বামী আৰু গৱেষক ড০ চৈয়দ ইফতিকাৰ আহমেদ৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা ধৃতিমালা ডেকাই নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্নৰ সময়ত অনেকক সহায় আগবঢ়াই আহিছে৷ ক’ভিডৰ সময়তো মৃতকৰ শেষকৃত্য সম্পন্নৰ ক্ষেত্রত তেওঁ আগবঢ়াই আহিছে বিশেষ সহায়৷ আনহাতে অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা দেৱজিৎ বর্মনে গাহৰি আৰু মীন পালনৰ জৰিয়তে বিশেষ অর্থনৈতিক স্বাৱলম্বিতা দেখুৱাবলৈ সক্ষম হৈছে৷ নলবাৰী জিলাৰ নানকাৰভোইৰা গাঁৱৰ স্বাধীনতা সংগ্রামী গর্গৰাম বর্মনৰ নাতি দেৱজিৎ বর্মনে কমনকার্প প্রজাতিৰ মাছৰ প্রজননৰ জৰিয়তে বিশেষ সফলতা লাভ কৰিছে৷
একেদৰে অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা ৰুস্তম বসুমতাৰীয়ে ৩৫০টাতকৈও অধিক বিভিন্ন প্রকাৰৰ চৰাই আৰু স্তন্যপায়ী প্রাণীৰ প্রকাৰ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ ২০০৩ চনৰ পৰা তেওঁ মানাহ অভয়াৰণ্যত টুৰিষ্ট গাইড হিচাপে কাম কৰি থকা ৰুস্তম বসুমতাৰীয়ে ২০০৬ চনৰ পৰা বিদেশী পর্যটকৰ অন্যতম নির্ভৰযোগ্য টুৰিষ্ট গাইড হিচাপে পৰিচিত হৈ আছে৷ অসম গৌৰৱ বঁটাৰে সন্মানিত মাঞ্জেলা হৈছে তিনিচুকীয়া জিলাৰ চিংফো ইক’ লজৰ পৰিচালন সঞ্চালক৷ চিংফো সম্প্রদায়ৰ পৰম্পৰা তথা সামূহিক জীৱনৰ বিভিন্ন দিশ প্রদর্শনত বিশেষভাৱে আগভাগ লোৱা মাঞ্জেলাই বিদেশী পর্যটকক আকর্ষিত কৰিবলৈ সক্ষম হৈছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত বিনন্দ হাতীবৰুৱা হৈছে মাগুৰি মোটাপুং বিলৰ নাও চালক হিচাপে কাম কৰি আহিছে৷ পক্ষী বিশেষজ্ঞ হিচাপে পৰিচিত বিনন্দ হাতীবৰুৱা হৈছে অসমলৈ অহা পৰিভ্রমী পক্ষী চিনাক্ত কৰিব পৰা একমাত্র লোক৷ অসম গৌৰৱ বঁটাৰে সন্মানিত অতুল চন্দ্র বৰুৱাই অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্রবক্তা হিচাপে অৱসৰ গ্রহণ কৰিছে৷ পৰৱর্তী সময়ত তেওঁ ভাৰতীয় বায়ুসেনাত যোগদান কৰিছিল৷ ২০০৭ চনৰ পৰা ২০০৯ চনলৈ দিল্লীৰ অসম সন্থাৰ সভাপতি আছিল৷ ২০১১ চনত নিজৰ ভূমিত তেওঁ ভাবাদা দেৱী মেম’ৰিয়েল ফিলথ্রীক ট্রাষ্ট গঠন কৰি পৰিত্যক্ত ৰুগীয়া আৰু নিপীড়িত বৃদ্ধ মহিলাসকলক আশ্রয় দিছিল৷ বৰুৱাই ছেনিটেৰী নেপকিন বিনামূলীয়াকৈ বিতৰণ কৰিবলৈও জোৰাভি নামৰ এটা প্রকল্প কোষ আৰম্ভ কৰিছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত কল্যাণী ৰাজবংশী হৈছে চন্দ্রপুৰত আত্মসহায়ক গোট গঠন কৰি বিশেষভাৱে পৰিচিত হোৱা এগৰাকী মহিলা৷ আৰম্ভণিতে ৯গৰাকী মহিলাৰ সৈতে ব’হাগী নামৰ এক আত্মসহায়ক গোট গঠন কৰি পৰৱর্তী সময়ত তেওঁ ৩ হাজাৰ মহিলাক আত্মসহায়ক গোট গঠন কৰাত আগভাগ লৈছিল৷ তদুপৰি তেওঁ ২৩০গৰাকী মহিলাক বেংকৰ লোন লোৱাত বিশেষভাৱে সহায় কৰিছে৷ অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা শীলা গোৱালা হ’ল এগৰাকী আশাকর্মী৷ ডবকা টি ষ্টেটৰ আশাকর্মী হিচাপে কার্যনির্বাহ কৰি শীলা গোৱালাই ধর্ষিতা হৈ গর্ভৱতী হোৱা কিশোৰীক উদ্ধাৰ কৰা আৰু চিকিৎসা সেৱা প্রদানত বিশেষভাৱে আগভাগ লৈছিল৷ তেওঁ আশাকর্মী হিচাপে কাম কৰি থকা অঞ্চলত বিগত বর্ষত কোনো মাতৃ আৰু শিশুৰ প্রসৱৰ সময়ত মৃত্যুবৰণ কৰা নাই৷
অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা যোগেশ দেউৰী হ’ল ৰেচম শিল্পৰ বিশেষজ্ঞ৷ চীনৰ লিয়াওনিং প্রদেশৰ ৰেচম শিল্পৰ গৱেষণা প্রতিষ্ঠানত অধ্যাপক হিচাপে যোগদান কৰি বিশেষ সাফল্য লাভ কৰা যোগেশ দেউৰীয়ে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত বহুবাৰ পুৰস্কৃত হৈছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত ড০ পংকজলাল গগৈ হৈছে এগৰাকী উদ্যোগী৷ উত্তৰ–পূব এগ্রো ভেটৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰি থকা পংকজ লাল গগৈয়ে ১৯৯৯ চনত ব্রইলাৰ মুর্গীৰ পোৱালি জন্ম দিয়া কাম আৰম্ভ কৰিছিল৷ মাহিলি তেওঁ তিনি লাখ কিলোগ্রাম ব্রইলাৰ উৎপাদন কৰে৷ তেওঁৰ অধীনত ১৩০জন যুৱক প্রত্যক্ষভাৱে নিয়োজিত হৈ থকাৰ লগতে ১০০০জন কৃষক পৰোক্ষভাৱে নিয়োজিত হৈ আছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত সর্বেশ্বৰ বসুমতাৰী হ’ল এগৰাকী প্রগতিশীল কৃষক৷ যোৱা ২০ বছৰে কৃষিকার্যৰ লগত জড়িত সর্বেশ্বৰ বসুমতাৰীয়ে হাইব্রিড অমিতা খেতিৰ লগতে কেইবাবিধো পাচলিৰ হাইব্রিড উৎপাদনত বিশেষভাৱে সফল হৈছে৷ তেওঁ ১৫ বিঘা ভূমিত মীন পালন কৰি বছৰি ১৫–২০ লাখ টকা উপার্জন কৰি আছে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত মানথাং হ’ল এগ্রো অর্গেনিক প্রডিউচাৰ কোম্পানীৰ সৈতে জড়িত৷ ২০২১–২২ বর্ষত তেওঁ মিজোৰাম, মণিপুৰ আৰু ত্রিপুৰাত প্রায় ২০,৬২৫ মেট্রিক টন আনাৰস বিক্রী কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, তেওঁ আনাৰস ৰপ্তানিৰ ক্ষেত্রতো বিশেষভাৱে সফল হৈছিল৷ অসম গৌৰৱ বঁটাৰে সন্মানিত ড০ ধ্রুৱজ্যোতি শর্মা হ’ল গুৱাহাটীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক৷ উত্তৰ–পূব ভাৰতৰ ডেফ’ডিল নামৰ অন্যতম বৃহৎ নার্ছাৰীৰ গৰাকী তেওঁ৷ য’ত ১৭ বিঘা ভূমি আৱৰি ১০ হাজাৰৰ প্রকাৰৰ উদ্ভিদ আছে আৰু ১০ হাজাৰতকৈ অধিক প্রকাৰৰ ফুল–ফল–পাচলি–ঔষ গছ আছে৷ তেওঁ নার্ছাৰীত ৩০০জন পূর্ণ সময়ৰ কর্মচাৰী নিযুক্ত হৈ আছে৷ প্রতিবছৰে তেওঁ নেপাল, ভূটান, ফিলিপাইনছ আৰু বাংলাদেশলৈ ৰপ্তানি কৰে৷
অসম গৌৰৱ বঁটাৰে সন্মানিত দয়াল গোস্বামী হ’ল মাজুলীৰ সত্রীয়া সংস্কৃতি কলাৰ এজন কর্মী৷ মাজুলীৰ মুখাশিল্পৰ লগত জড়িত হৈ তেওঁ ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ত বিভিন্ন প্রতিভা প্রদর্শন কৰি পুৰস্কৃত হ’বলৈ সক্ষম হৈছে৷ অসম গৌৰৱ বঁটাৰে সন্মানিত চৈয়দ ইফতিকাৰ আহমেদ হ’ল এইডছবিৰোধী অভিযানত আগভাগ লোৱা বিশেষ সামাজিক ব্যক্তি৷ তেওঁ ড্রাগ্ছৰ বিৰুদ্ধেও সমগ্র অসমত বিশেষ অভিযান চলোৱাত আগভাগ লৈ আছে৷