নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক লাখ চাকৰিৰ ক্ষেত্ৰত আৰু এখোজ : কলাক্ষেত্ৰত নিযুক্তিপত্র বিতৰণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰঃ নিকা আৰু স্বচ্ছভাৱে ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীসকলক্ চাকৰি প্রদানৰ প্রতিশ্রুতিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা-২০২০ৰ নির্বাচিত পৰীক্ষার্থী আৰু জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তাসকলক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত আয়োজিত এক অনুষ্ঠানত নিযুক্তিপত্র প্রদান কৰে৷ উল্লেখ্য যে আজি নিযুক্তিপত্র বিতৰণ কৰা ৬৫৫গৰাকী প্রার্থীৰ ভিতৰত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ ৩৩১গৰাকী আৰু আনসকল জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে বিভিন্ন চৰকাৰী চাকৰিৰ বাবে নিকা আৰু স্বচ্ছতাৰে ৰাজ্যৰ মেধাৱী প্রার্থীসকলক বাছনি কৰাৰ যি প্রতিশ্রুতি প্রদান কৰিছিল সেই প্রতিশ্রুতিক বাস্তৱায়িত কৰিছে৷ মুখ্যমন্ত্রীয়ে এই প্রক্রিয়াৰে নিযুক্তি লাভ কৰা ৬৫৫গৰাকী প্রার্থীক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে স্বচ্ছতাৰে নিয়োগ প্রক্রিয়া সম্পূর্ণ কৰাৰ বাবে অসম লোকসেৱা আয়োগকো ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কাৰিকৰী বিভাগৰ অভিযন্তা বাছনি কৰিবলৈ অসম লোকসেৱা আয়োগক সংযুক্ত অভিযান্ত্রিক প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়৷ এই পৰীক্ষাত সফলতাৰে উত্তীর্ণ হোৱা প্রার্থীসকলক নির্বাচিত কৰি লটাৰীযোগে বিভিন্ন বিভাগত নিযুক্তি প্রদানৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্রীয়ে বিভাগসমূহৰ প্রয়োজনীয়তাৰ ভিত্তিত আন্তঃবিভাগীয় বদলীকৰণৰ বাবে এক বিকল্প উপায় উদ্ভাৱন কৰিবলৈও আহ্বান জনায়৷ নতুনকৈ নিযুক্তিপ্রাপ্ত অসম অসামৰিক সেৱা আৰু সংলগ্ন সেৱা, অভিযন্তাসকলক ৰাজ্যৰ দুখীয়া আৰু সর্বসাধাৰণৰ সেৱাত নিজৰ পেছাদাৰী জীৱন উৎসর্গা কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণৰ লগতে বিভিন্ন বিভাগত প্রশাসনক প্রতিনিধিত্ব কৰিবলৈ নিজৰ দক্ষতা অধিক বিকশাই তোলাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে এখন নতুন অসম গগাৰ বাবে দৃতাৰে কাম কৰি আহিছে৷ সেইবাবে নৱনিযুক্ত বিষয়াসকলে নতুন অসম নির্মাণৰ প্রক্রিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিষ্ঠাৰে সহযোগ আগবেোৱাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ তেওঁ নতুন বিষয়াসকলক পৰিৱর্তনৰ এক বাহক হিচাপে কাম কৰি ৰাজ্য চৰকাৰৰ আর্থ–সাংসৃক্তিক আৰু অর্থনৈতিক সবলীকৰণৰ দিশত সহায় আগববাবলৈ কয়৷ দেশত ডিজেটাইজেশ্যন,প্রযুক্তিৰ দ্বাৰা পৰিচালিত উন্নয়নৰ নতুন ধাৰাটোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে নতুন বিষয়াসকলক জনসাধাৰণক সর্বোত্তম সেৱা প্রদানৰ বাবে ডিজিটেলাইজেশ্যন আৰু অন্যান্য প্রযুক্তিগত বিষয়সমূহ আহৰণ কৰিবলৈও কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণক উন্নত সেৱা প্রদানৰ বাবে প্রশাসনিক ব্যৱস্থাটোত ডিজিটেলাইজেশ্যনত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ লগতে কয় যে যোৱা দুটা দশক অন্ধকাৰৰ দশক আছিল বুলি উল্লেখ কৰি অসম অসামৰিক সেৱাত স্বচ্ছতাৰে প্রার্থী নির্বাচন কৰাৰ ক্ষেত্রত বিভিন্ন বিতর্কৰ সূচনা হৈছিল৷ ইয়াৰ ফলত প্রশাসনৰ ওপৰত আস্থা হ্রাস পাইছিল আৰু ইয়ে উন্নয়নৰ প্রক্রিয়াটো ক্ষতিগ্রস্ত কৰিছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ অধীনত অসম অসামৰিক সেৱাৰ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রক্রিয়াসমূহ নতুন ৰূপত গঢ়ি তোলা হৈছে৷ ফলত চৰকাৰী চাকৰিৰ বাবে প্রতিযোগিতামুখী প্রার্থীসকলক স্বচ্ছভাৱে বাছনি কৰাটো সম্ভৱ হৈ উঠিছে৷ ইয়ে ৰাজ্যখনৰ বিকাশত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে৷ দুখীয়া আৰু আর্তজনক সহায় কৰাৰ মানসিকতাৰে তেওঁলোকৰ প্রয়োজনীয়তা পূৰণৰ উদ্দেশ্যে সেইসকল জনসাধাৰণৰ ওচৰ চাপি কাম কৰিবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ অনুষ্ঠানত মন্ত্রী ক্ৰমে যোগেন মহন, অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গার্লোচা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী, ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়া আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like