ডিফুৰ কার্যনির্বাহকত লোকসভা নির্বাচনলৈ সাজু হ’বলৈ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ২০২৪ চনৰ লোকসভা নির্বাচনৰ বাবে আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে৷ লোকসভা নির্বাচনক লক্ষ্য কৰিয়েই দলীয় কার্যকর্তাক অধিক সক্রিয় আৰু কার্যক্ষম হোৱাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কার্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত দুদিনীয়া ৰাজ্যিক কার্যনির্বাহক বৈঠকৰ অন্তিম দিনা দলীয় কার্যকর্তাক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বান– ১৪খন আসনৰ ৯খনতেই সন্তুষ্ট থাকিল নহ’ব৷ এইবাৰ আমি আসন বৃদ্ধি কৰিব লাগিব৷ আমি ৯খনৰ পৰা ১১খনলৈ বৃদ্ধি কৰোঁ, ১২খনলৈ বৃদ্ধি কৰোঁ, সেয়া মই নির্দিষ্ট কৰিব খোজা নাই৷ কিন্তু ‘য়ে দিল মাংগে ম’ৰ’৷ আজি বিয়লিৰ ভাগত ডিফু টাউন হলত অনুষ্ঠিত কার্যনির্বাহক বৈঠকত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয়– আজি আমি যি স্থানত উপনীত হৈছোঁ, সেয়া শেষ পর্যায়ৰ বুলি ভাবিলে নহ’ব৷ সমাজৰ প্রতিটো শ্রেণীক আকর্ষিত কৰাৰ বাবে দিনে–নিশাই কামত নিয়োজিত হ’ব লাগিব৷ তেনে পর্যায়ত উপনীত হ’বলৈ হ’লে নিঃস্বার্থভাৱে দেশসেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব৷ দেশত সাম্প্রদায়িক শক্তিৰ উত্থান ঘটা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– ৫০০ বছৰ পূর্বে মোগলৰ শাসনকালত ভাৰতখনক দুর্বল কৰি থৈ যোৱা হৈছিল, সেই ভাৰতখনক শক্তিশালী কৰিবলৈ হ’লে দেশৰ প্রতিজন লোকক বিজেপিৰ পতাকাৰ তললৈ আনিব লাগিব৷ বিজেপিয়ে আজি নির্বাচনত জয়লাভ কৰিছে, সমাজৰ প্রতিটো স্তৰলৈ সোমাই গৈছে৷ কিন্তু বিজেপিক বিৰোধিতা কৰা সাম্প্রদায়িক শক্তিৰো সমানে উত্থান ঘটিছে৷ প্রতিটো নির্বাচনত বিজেপিয়ে জয়লাভ কৰিছে যদিও এতিয়াও দলে এভাৰেষ্টৰ দৰে থিয় হ’ব পৰা নাই৷ আমি কেৱল এভাৰেষ্টৰ দিশে ধাৱমানহে হৈছোঁ৷ ২০৩১ চনলৈ আমি যদি নিৰন্তৰ বিজয় সাব্যস্ত কৰি থাকোঁ, তেতিয়া শত্রুৱেও বুজি পাব যে ভাৰত এতিয়া হিমালয়ৰ দৰে শক্তিশালী৷ ভাষণ প্রসংগত দলীয় কার্যকর্তাৰ আগত ৰাজ্য চৰকাৰখনে গ্রাম্য অর্থনীতিৰ বাবে গ্রহণ কৰা বিভিন্ন আঁচনিৰ প্রসংগ উল্লেখ কৰি তেওঁ কয়– গ্রাম্য অর্থনীতিত বছৰি আমাৰ বৰঙণি হ’ব ৩,৬০০ কোটি টকা৷ পাঁচ হাজাৰ কোটি টকা ধানৰ পৰা, কৃষক সন্মান নিধিৰ পৰা ৫০০ কোটি টকা, বিনামূলীয়া চাউলৰ পৰা পাঁচ হাজাৰ কোটি টকা, অৰুণোদয় আঁচনিৰ পৰা ৩,৬০০ কোটি টকা৷ এই ধনসমূহ হিতাধিকাৰীয়ে প্রত্যক্ষভাৱে লাভ কৰি আছে৷ আনহাতে, ধান ক্রয় আঁচনি, অৰুণোদয়, বসুন্ধৰা আদিকে ধৰি কেইবাখনো আঁচনিৰ জৰিয়তে প্রকৃত হিতাধিকাৰীক উপকৃত কৰাৰ দিশত লাভ কৰা সফলতাই দলটোক আজিৰ পর্যায়ত উপনীত কৰিছে৷ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে আটাইকেইখন আসন লাভ কৰাৰ বাবে তুলিৰাম ৰংহাং আৰু বিজেপি কার্যকর্তাসকলক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে এই জয়ে দলৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে৷ পাহাৰীয়া জিলা দুখনৰ দ্রুত উন্নয়নৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব৷ পূর্বৰ আৰু বর্তমানৰ কার্যকর্তাসকলৰ দলটোৰ প্রতি থকা ত্যাগ আৰু আদর্শৰ বাবেহে বিজেপি আজি শক্তিশালী স্থানত উপনীত হৈছে৷ বিজেপিৰ কার্যকর্তাসকলক সেৱাৰ মনোভাবেৰে কাম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়– আমাৰ দলীয় কর্মকর্তাসকলৰ চকুত যিদিনাখনে অহংকাৰ দেখা পাব, সেই দিনাখনেই আমি ব্রহ্মপুত্রৰ তললৈ যাব লাগিব৷ কিন্তু আমি সেই দিনটোলৈ জীয়াই থাকিব লাগিব, য’ত আমাৰ উপস্থিতিয়ে সমাজক প্রেৰণা দিব৷ সেই দিনটোলৈ আমি জীয়াই থাকিব লাগিব, য’ত সমাজত শেষৰ শাৰীত থিয় দিয়া ব্যক্তিজনে বিজেপিৰ চকুত তেওঁৰ সপোন বাস্তৱায়িত হ’ব বুলি অনুভৱ কৰিব পাৰিব৷ ইফালে ৰাজ্য চৰকাৰখনে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে এই প্রতিশ্রুতি কেনেকৈ পূৰণ হ’ব, তাকো আজি ব্যাখ্যা কৰে৷ অহা আগষ্ট মাহত ১০ হাজাৰ আৰু নৱেম্বৰ মাহত ৪০ হাজাৰ প্রার্থীক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ইতিমধ্যে আমি মে’ মাহত চৰকাৰৰ বর্ষপূর্তিৰ সময়ত ৩০ হাজাৰ যুৱক–যুৱতীক চাকৰি দিবলৈ সক্ষম হ’লোঁ৷ আগষ্ট মাহত ১০ হাজাৰ আৰু নৱেম্বৰত ৪০ হাজাৰক পুনৰ চাকৰি দিয়া হ’ব৷ আজিৰ ভাষণতেই মুখ্যমন্ত্রীয়ে অহা ছেপ্ঢেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১,২৫০ টকালৈ বৃদ্ধি পাব বুলি ঘোষণা কৰাৰ লগতে এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও ২৬ লাখলৈ বৃদ্ধি হ’ব বুলি উল্লেখ কৰে৷ তদুপৰি জল জীৱন আঁচনিৰ জৰিয়তে ২৬ হাজাৰ লোকে নিয়োগ লাভ কৰিব আৰু তেওঁলোকে ৬,৫০০ টকাকৈ পাব৷ আজিৰ এই কার্যনির্বাহক সভাতে মুখ্যমন্ত্রীয়ে অহা ৩০ জুনৰ ভিতৰত কাগজ কলৰ কর্মচাৰীয়ে তেওঁলোকৰ প্রাপ্যৰ ধন লাভ কৰিব বুলি ঘোষণা কৰে৷ সেই সন্দর্ভত তেওঁ কয় যে ৩০ জুনৰ ভিতৰত কাগজ কল কর্মচাৰীৰ বাবে ঘোষণা কৰা ৫০০ কোটি টকা পেকেজৰ ধন মুকলি কৰি দিয়া হ’ব৷ ইতিমধ্যে প্রতিজন কর্মচাৰীৰ বাবে স্ক্রুটিনী সম্পূর্ণ কৰা হৈছে আৰু তেওঁলোকৰ প্রাপ্য ধন বেংক একাউণ্টত ভৰাই দিয়া হ’ব৷ ৩০ জুনৰ ভিতৰত তেওঁলোকে ঘৰ খালী কৰিব লাগিব৷ ইফালে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচিত সদস্যসকলে অহা ২০ জুনত শপতগ্রহণ কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্রীয়ে স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কার্যবাহী সদস্য হিচাপে পুনৰ তুলিৰাম ৰংহাঙে দায়িত্ব ল’ব বুলিও উল্লেখ কৰে৷ আজিৰ কার্যনির্বাহক সভাত উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কার্যকর্তাসকলক উদ্দেশ্যি জনতাৰ সেৱাত উৎসর্গিত হৈ সততা–নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদী জনকল্যাণকামী বলিষ্ঠ পদক্ষেপসমূহৰ বাবে অসমত প্রগতি আৰু শান্তিৰ সূচনা হৈছে৷ পাহাৰীয়া জিলাৰ পূর্বৰ অশান্তজর্জৰ পৰিৱেশ আঁতৰাই শান্তিৰ বাতাৱৰণ ঘূৰাই অনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ভূমিকাও শলাগ ল’বলগীয়া৷ কেন্দ্রীয় মন্ত্রীজনে আজি ৰাজ্যিক বিজেপিৰ ৰিপ’ট মেনেজেমেণ্ট ছফ্টৱেৰ আৰু অফিচিয়েল ৱেবছাইটো মুকলি কৰে৷ আজিৰ কার্যনির্বাহক সভাত বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাৰ লগতে কেবিনেট মন্ত্রী, বিধায়ক আৰু বিজেপিৰ কার্যনির্বাহক সদস্যসকল উপস্থিত থাকে৷