১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে কভিড টিকাকৰণ কার্যসূচীৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১৬ মার্চঃ ১২-১৪ বছৰৰ ভিতৰৰ শিশুসকলৰ বাবে কভিড–১৯ টিকাকৰণৰ ৰাষ্ট্রীয় অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা বিদ্যালয়ত অসমৰ বাবে এই কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই অভিযানৰ সময়ত লক্ষ্য নির্দ্ধাৰিত ১২-১৪ বছৰ বয়সৰ শিক্ষার্থীসকলক তেওঁলোকৰ নিজ নিজ বিদ্যালয়ত বিনামূলীয়া টিকাকৰণ কৰা হব৷ বিদ্যালয়ত টিকাকৰণ কৰিব নোৱাৰা আন শিশুৱে তেওঁলোকৰ নিকটতম চৰকাৰী কভিড–১৯ টিকাকৰণ কেন্দ্রত টিকা গ্রহণ কৰিব পাৰিব৷ হায়দৰাবাদৰ বায়লজিকেল ই লিমিটেডে প্রস্তুত কৰা কর্বেভেক্স কভিড–১৯ টিকা হিচাপে প্রদান কৰা হব৷ ইয়াৰ উপৰি ৬০ বছৰৰ ঊর্দ্ধৰ সকলো ব্যক্তিয়ে সতর্কতামূলক পালি হিচাপে আজিৰে পৰা কভিডৰ অতিৰিক্ত পালি টিকা গ্রহণ কৰিব পাৰিব৷ ৬০ বছৰৰ ঊর্দ্ধৰ ব্যক্তিসকলৰ ক্ষেত্রত আনুষংগিক ৰোগৰ কাৰকসমূহ পৰিহাৰ কৰা হৈছে৷ দ্বিতীয় পালি টিকা গ্রহণৰ ৯ মাহৰ পিছত সপ্তাহ এই সতর্কতামূলক পালি লব পাৰিব৷ মুখ্যমন্ত্রী ডদ শৰ্মাই সকলো যোগ্য হিতাধিকাৰীকে টিকাকৰণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ কার্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই সকলো অভিভাৱককে আশ্বাস প্রদান কৰি কয় যে এই টিকা তেওঁলোকৰ সন্তানৰ বাবে সম্পূর্ণ সুৰক্ষিত আৰু ইয়াৰ পাৰ্শ্বক্রিয়া নাই৷ শিশুসকলৰ স্বাভাৱিকতে ৰোগ প্রতিৰোধৰ ক্ষমতা থাকে৷ তেওঁলোকক কভিড–১৯ৰ বিভিন্ন বিকশিত প্রকাৰৰ বিৰুদ্ধে যুজ দিবলৈ টিকাকৰণ কৰিব লাগে বুলিও তেওঁ কয়৷
খালী পেটত টিকা গ্রহণ নকৰিবলৈ পৰামর্শ দি মুখ্যমন্ত্রীয়ে বিদ্যালয়সমূহক টিকাকৰণৰ দিনবোৰত অলপ আগতীয়াকৈ মধ্যাহ্ণ ভোজন প্রস্তুত কৰিবলৈ আহ্বান জনায় যাতে টিকাকৰণৰ পূর্বে খাদ্য গ্রহণ কৰিব পাৰে৷ কভিড–১৯ৰ তিনিওটা ঢৌ পৰিচালনাৰ দিশত অসমে যথেষ্ট ভাল প্রদর্শন কৰিব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যখনত ৪ কোটি ৩৬ লাখ পালি কভিড টিকা প্রদান কৰা হৈছে৷ তেওঁ ৰাজ্যখনত কভিড টিকাকৰণ অভিযান সফল কৰাৰ বাবে চিকিৎসক, নার্ছ আৰু সকলো স্বাস্থ্যকর্মীৰ প্রচেষ্টাৰ শলাগ লয়৷ স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু দিছপুৰৰ বিধায়ক অতুল বৰােয়া ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷