জনগোষ্ঠীয় ভাষাই বর্ণিল কৰিছে অসমীয়া জাতিকঃ দ্বাদশ শ্রেণীলৈকে প্রৱর্তন হ’ব বড়ো মাধ্যমঃ বড়ো সাহিত্য সভাৰ মঞ্চত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ৪ মেঃ ২ মে’ৰ পৰা তামুলপুৰৰ গৌজৌন ফৌথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনৰ কার্যসূচীত দেশৰ ৰাষ্ট্রপতিৰ অংশগ্রহণে অনুষ্ঠানটোক অন্যান্য মাত্রা প্রদান কৰাৰ সময়তে আজি দেশৰ ৰাষ্ট্রপ্রধানগৰাকীক্ সংগ দিবলৈ অহা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অধিৱেশনৰ মুকলি সভাত দেখা গ’ল অন্যান্য ৰূপত৷ ৰাষ্ট্রপতিয়ে মঞ্চত প্রৱেশ কৰাৰ কিছু সময় পূর্বে মঞ্চত উপস্থিত হোৱা মুখ্যমন্ত্রীক দেখি উৎসাহিত হৈ পৰিল অগণন জনতা৷ জনপ্রিয় মুখ্যমন্ত্রীগৰাকীয়ে মঞ্চত প্রৱেশ কৰাৰ লগে লগে ব্যাপক উল্লাস, হাত চাপৰিৰ জোৱাৰ উঠিল উপস্থিত লোকৰ মাজত৷ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে মঞ্চত বার্তালাপ কৰি থকাৰ সময়তে মুখ্যমন্ত্রীৰ প্রতি জনতাই দেখুওৱা সন্মানত আনকি মুখ্যমন্ত্রীগৰাকীয়ে বাৰে বাৰে হাত দাঙি সঁহাৰি দিবলগীয়া হয় উপস্থিত জনতাক৷ আনহাতে, আজি ভাষণৰ সময়ছোৱাত সম্পূর্ণ ব্যতিক্রমী ৰূপত দেখা গ’ল মুখ্যমন্ত্রীগৰাকীক৷ সততে উন্নয়ন তথা বিৰোধীক তুলাধুনা দিয়াত সিদ্ধহস্ত মুখ্যমন্ত্রী ড০ শর্মাই আজি ব্যতিক্রমী ৰূপত উপস্থাপন কৰিলে নিজৰ ভাষণ৷ ৰাষ্ট্রপতিৰ সন্মুখত আজি সাহিত্য–সংস্কৃতিৰ ঐতিহাসিক পটভূমিৰে নিজ ভাষণৰ আৰম্ভণি কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷ নিজ ভাষণৰ কিছু অংশ হিন্দী ভাষাৰে আৰম্ভ কৰি তেওঁ কয়– সংবিধানৰ অষ্টম অনুসূচীত বড়ো ভাষাই মান্যতা লাভ কৰাৰ লগে লগে ভাষাটোৱে এক নতুন ৰূপত গতি কৰিছে৷ আজি চাৰিওফালে বিকাশ আৰু প্রগতিৰ দিশত আগবাঢ়িছে৷ প্রায় ছয় দশক পূর্বে অসমৰ এক বৃহৎ জনগোষ্ঠী বড়োসকলে সাহিত্য সভাৰ দৰে অন্যতম এক সাহিত্যিক অনুষ্ঠানৰ জন্ম দিছিল৷ ঐতিহাসিক প্রসংগৰে তেওঁ পুনৰ কয় যে বড়ো সাহিত্য সভাৰ সভা নামৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল বড়ো ভাষা আৰু সাহিত্যৰ বিকাশ সাধন কৰা৷ ভাষাবিদ, পণ্ডিতসকলৰ প্রসংগৰে তেওঁ কয় যে তিব্বত–চীনীয় ভাষা–গোষ্ঠীৰ তিব্বত–বর্মী ভাষাৰ আটাহতকৈ উল্লেখযোগ্য শাখাটো হৈছে অসম–বর্মী শাখা৷ এহ শাখাৰ দুটা অন্যতম ভাগ বড়ো–নাগা আৰু কুকিচী৷ বড়ো–নাগা শাখাৰ এটা ঠাল বড়ো ভাষা বুলি মুখ্যমন্ত্রীগৰাকীয়ে ভাষাৰ প্রকৃত পটভূমি উপস্থিত জনতাৰ আগত দাঙি ধৰে৷ লগতে বড়ো ভাষা আৰু সাহিত্য এক দীঘলীয়া পৰিক্রমাৰ মাজেৰে আগবাঢ়ি বড়ো সাহিত্য–সংস্কৃতি বিকাশৰ বাবে নিৰলস প্রচেষ্টা চলাই অহা বুলি তেওঁ উল্লেখ কৰি বড়ো সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি জয়ভদ্র হাগজেৰ আৰু সাধাৰণ সম্পাদক সোণাৰাম থাওছেনক শ্রদ্ধাৰে স্মৰণ কৰে৷ ৰাজ্যখন বিভিন্ন জাতি–জনগোষ্ঠীৰ বসতিস্থল বুলি উল্লেখ কৰি এইসমূহ জাতি–জনগোষ্ঠীৰ সুৱদীসুৰীয়া ভাষাসমূহে বৃহত্তৰ অসমীয়া জাতিক বর্ণিল কৰাহ নহয়, আমাৰ সামগ্রিক সত্তাকো অনন্য মাত্রা আৰু আয়তন প্রদান কৰি অহা বুলি উল্লেখ কৰে৷ সৰু–বৰ জাতি–জনগোষ্ঠীৰ ভাষা–সাহিত্যৰ বিকাশ অবিহনে আমাৰ সামগ্রিক বিকাশ সম্ভৱ নহয় বুলি কৈ এনে জাতি–জনগোষ্ঠীৰ ভাষা–সাহিত্য সংৰক্ষণ, সমৃদ্ধি আৰু বিকাশমুখী যাত্রাৰ বাবে সকলোৱে পূর্বতকৈ অধিক গুৰুত্বৰে কাম কৰি যাবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়৷ আনহাতে, আজিৰ মুকলি সভাত ৰাষ্ট্রপতিৰ উপস্থিতিতে মুখ্যমন্ত্রীগৰাকীয়ে কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰে৷ হয়াৰ অন্যতম হিচাপে একাদশ–দ্বাদশ শ্রেণীলৈ বড়ো মাধ্যমৰ প্রৱর্তনৰ লগতে বড়ো সাহিত্য সভাৰ প্রতিখন জিলা কার্যালয় নির্মাণৰ বাবে ৫০ লাখৰ এককালীন সাহায্য, বড়ো ভাষা–সংস্কৃতিৰ বিকাশৰ বাবে অতিৰিক্ত ৫ কোটি টকা আবণ্টন দিয়াৰ গুৰুত্বপূর্ণ ঘোষণা কৰে৷ আনহাতে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দেও নিজৰ ভাষণত ৰাজ্যৰ দক্ষ মুখ্যমন্ত্রীগৰাকীৰ ভূয়সী প্রশংসা কৰি ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যৰ উন্নয়ন তথা বিকাশৰ ধাৰাই দ্রুত গতি লাভ কৰা বুলি দোহাৰে৷