বাৰিষাৰ পূর্বে মথাউৰি মেৰামতিৰ নির্দেশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ১৮ মে’: বানে সৃষ্টি কৰিব পৰা বিভীষিকাৰ প্রতিৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ বিশেষকৈ বিগত বর্ষত বানে ভাঙি থৈ যোৱা মথাউৰি মেৰামতি কৰাৰ ক্ষেত্রত আগতীয়াকৈ ব্যৱস্থা গ্রহণৰ বাবে সোমবাৰে জলসম্পদ বিভাগক স্পষ্ট নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত বিভাগটোৰ সৈতে হোৱা এক পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে মে’ মাহৰ ভিতৰতে মথাউৰি মেৰামতিৰ কাম সম্পূর্ণ কৰাৰ বাবে নির্দেশ দিয়ে৷ জলসম্পদ বিভাগৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে মুখ্যমন্ত্রী শর্মাই ৰাজ্যত কিমানটা মথাউৰি মেৰামতিৰ কাম বাকী আছে, সেই সম্পর্কে সবিশেষ তথ্য সংগ্রহ কৰাৰ লগতে এই মথাউৰিসমূহ ক্ষিপ্রতাৰে মেৰামতি কৰিবলৈ সোমবাৰে নির্দেশ দিয়ে৷ বিশেষকৈ মথাউৰিসমূহৰ বিপদসংকুল স্থানসমূহ চিনাক্ত কৰি যুদ্ধকালীনভাৱে সেইসমূহ মেৰামতি কৰিবলৈ সোমবাৰে বিভাগক নির্দেশ দিয়ে৷
উল্লেখ্য যে বিগত বর্ষৰ বানত ২৪ স্থানত নদীৰ মথাউৰি ভাঙিছিল৷ তাৰে ৬টা মথাউৰিৰ মেৰামতিৰ কামহে সম্পূর্ণ হৈছে৷ বাকী ১৮টা মথাউৰিৰ কাম এতিয়াও বাকী আছে৷ মুখ্যমন্ত্রীয়ে এই পর্যালোচনা বৈঠকত এই দিশটো আঙুলিয়াই চলিত মাহতেই মেৰামতি কৰিব লগা মথাউৰিসমূহৰ কাম সম্পূর্ণ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ কয় জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আবাছী আৰু মুখ্য অভিযন্তা বৰছিং ৰংপিক৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে মথাউৰিৰ মেৰামতি আৰু নির্মাণৰ কামসমূহ যাতে মানসম্পন্ন আৰু নির্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয়, সেয়া সুনিশ্চিত কৰাৰ বাবে নির্দেশ দিয়াৰ লগতে আসন্ন বানপানীৰ ক্ষয়–ক্ষতি হ্রাস কৰাৰ বাবে সম্ভৱ সকলো কাম সম্পূর্ণ কৰিবলৈ বিভাগৰ শীর্ষ বিষয়াসকলক কয়৷
তদুপৰি প্রকল্পৰ বাবে ধার্য কৰা ধনৰাশি যাতে যথোচিত ব্যৱহাৰ হয়, তাৰ এক দায়বদ্ধ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ একেদৰে পূর্বে যি ধৰণে জলসম্পদ বিভাগ চলি আছিল তাৰ কাম–কাজ তথা আন দিশসমূহ সলনি কৰাৰ পৰামর্শ দি মুখ্যমন্ত্রীয়ে বান প্রতিৰোধ আৰু মেৰামতিৰ আঁচনিসমূহ ৰূপায়ণ কৰোঁতে সময়সাপেক্ষে আৰু প্রযুক্তিগত কৌশল অৱলম্বন কৰাৰ বাবেও পৰামর্শ দিয়ে৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে বিভাগটোত উন্নতিকৰণ আৰু উদ্ভাৱনী তথা প্রযুক্তিগত দিশসমূহ সামৰি শীঘ্রে এক প্রতিবেদন প্রস্তুত কৰাৰ বাবে নির্দেশ দিয়ে৷
সোমবাৰৰ বৈঠকত জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকা, বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আবাছী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, ফ্রেমাৰ কার্যবাহী বিষয়া সিদ্ধার্থ সিং, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্বন, মুখ্যমন্ত্রীৰ অতিৰিক্ত সচিব ড০ জীৱন বি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ৰবছিং ৰংপিৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷