নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰমদান

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ‘স্বচ্ছতাই সেৱা’ শীর্ষক ১৫ দিনীয়া অভিযানৰ অন্তত গান্ধীজয়ন্তীৰ প্রাকক্ষণত মহামানৱ মহাত্মা গান্ধীৰ প্রতি ‘স্বচ্ছাঞ্জলি’ জনোৱাৰ লক্ষ্য লোৱা হৈছে। সেই উদ্দেশ্যে আগত ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই কাৰ্যসূচীৰ আহ্বান জনাইছিল। অসমৰ মুখ্যমন্ত্ৰীও ইয়াৰ ব্যতিক্ৰম নাছিল। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত গান্ধী মণ্ডপত ‘স্বচ্ছতাৰ বাবে শ্ৰমদান’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত শ্ৰমদান কৰে। শ্ৰমদানৰ দ্বাৰা এখন স্বচ্ছ আৰু সুস্থ সমাজ গঢ়াৰ দিশত অংশীদাৰ হ’বলৈ মুখ্যমন্ত্ৰীয়ে সকলোৰে প্ৰতি আহ্বান জনায়।

You might also like