নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচৰ প্রেক্ষাগৃহত গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শৰ্মা

📌 ১৮ জনজাতীয় অনুষ্ঠানলৈ ১০ লাখকৈ, ৭৩ উপাসনাস্থলীলৈ ৫ লাখ টকাকৈ অনুদান

📌 খানাপাৰাত অনুষ্ঠিত হ’ব জনজাতীয় লোকৰ ধর্মীয় মহোৎসৱ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতিৰ সুৰক্ষা, প্রসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যৰে আজি ১৮টা জনজাতীয় সাংস্কৃতিক অনুষ্ঠানক ১০ লাখ টকাকৈ আৰু ৭৩ জনজাতীয় উপাসনাস্থলীক ৫ লাখ টকাকৈ আর্থিক অনুদান প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ৰ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে জনজাতীয় সাংস্কৃতিক অনুষ্ঠান আৰু জনজাতীয় উপাসনাস্থলীসমূহক এই অনুদান প্রদান কৰে ৷ একেটা অনুষ্ঠানতে গুৱাহাটীৰ গড়চুকস্থিত দুলাৰাই বাথৌ গৌথুম (সদৌ বাথৌ মহাসভা)ক ২ কোটি টকাৰ আর্থিক অনুদান তেওঁ প্রদান কৰে ৷ অনুষ্ঠানটোত ভাষণ আগবঢ়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ বিশ্বাস আৰু সংস্কৃতিৰ প্রসাৰ আৰু সংৰক্ষণৰ দিশত আজি এক বিশেষ দিন ৷ অসমৰ বর্ণিল সংস্কৃতি চহকী কৰি অহা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্রতিশ্রুতি পূৰণৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন জনজাতীয় অনুষ্ঠান আৰু উপাসনাস্থলীসমূহক অর্থিক সাহায্য প্রদান কৰা হৈছে ৷ ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া আৰু জনগোষ্ঠীয় ভাষা আৰু কলা–সংস্কৃতি, ধর্মীয় বিশ্বাস আদি সংৰক্ষণৰ বাবে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে৷ ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগে বিভিন্ন জনগোষ্ঠীৰ ভাষা, কলা–সংস্কৃতি, ধর্মীয় বিশ্বাস আদি সংৰক্ষণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ২২খন জিলাৰ ১৮টা অনুষ্ঠানলৈ ১০ লাখ টকাকৈ সর্বমুঠ ১.৮০ কোটি টকা প্রদান কৰা হৈছে৷ ইফালে, আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে জনজাতীয় লোকসকলৰ ধর্মীয় বিশ্বাস আৰু পৰম্পৰাসমূহৰ প্রচাৰ তথা প্রসাৰৰ উদ্দেশ্যৰে খানাপাৰাত এখন ধর্মীয় মহোৎসৱ আয়োজন কৰা হ’ব বুলিও ঘোষণা কৰে৷ এই প্রসংগত তেওঁ কয়- ‘অসমৰ বহু মানুহে নাজানে যে আমাৰ জনগোষ্ঠীয় বিশ্বাস কিমান আছে৷ কেইটামানহে আমি জানো৷ কিন্তু অসমত যে ৬০ৰ পৰা ৭০টা জনজাতীয় বিশ্বাস আছে, সেয়া আমি নাজানো৷ সেয়েহে খুব কম দিনৰ ভিতৰত খানাপাৰাত আমি এখন মহোৎসৱ পাতিম৷ তাত আপোনালোকে নিজৰ নিজৰ উপাসনাস্থলীসমূহ নির্মাণ কৰিব৷ আপোনালোকে কেনেদৰে উপাসনা কৰে সেয়া আপোনালোকে দেখুৱাব৷ সেয়া চাই আমি বুজিম যে হাজাৰ বছৰীয়া পৰম্পৰা আছে আৰু এই মানুহখিনিক আমি আমনি কৰা উচিত নহয়৷ তেওঁলোকক নিজৰ মতে থাকিব দিব লাগে৷ যেতিয়া নিজৰ নিজৰ উপাসনাস্থলী নির্মাণ কৰিব আৰু নেদেখাজনক আপোনালোকে কিদৰে প্রার্থনা কৰে সেয়া দেখুৱাব, তেতিয়া মানুহে বুজিব যে এই কথাবিলাকত আমি হাত দিয়া উচিত নহয়৷ অসমৰ প্রাচীনতম ধর্মীয় বিশ্বাসসমূহক আমি জীয়াই ৰাখিব লাগিব৷’ আজি ৭৩ উপাসনাস্থলীক আর্থিক সাহায্য প্রদান কৰা হৈছে যদিও আগন্তুক সময়ত এহাজাৰ উপাসনাস্থলীক সহায় কৰিব বুলিও তেওঁ ঘোষণা কৰে৷ ইয়াৰ বাবে বিজ্ঞাপন প্রকাশ পোৱাৰ লগে লগে সংশ্লিষ্ট উপাসনাস্থলীসমূহৰ হৈ জনজাতীয় লোকসকলক আবেদন কৰিবলৈ তেওঁ আহ্বান জনায়৷ তদুপৰি জনজাতীয় লোকসকলৰ খেল–ধেমালিসমূহৰ প্রচাৰ, প্রসাৰ আৰু সংৰক্ষণৰ বাবে আন এক ক্রীড়া মহোৎসৱ অনুষ্ঠিত হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ এই প্রসংগত তেওঁ কয় যে জনজাতীয় লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা খেল–ধেমালিসমূহ ক্রমাৎ নোহোৱা হৈ গৈছে৷ সেয়েহে থলুৱা খেলসমূহ বুটলি আনি ক্রীড়া মহোৎসৱ অনুষ্ঠিত কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে৷ আজিৰ এই অনুষ্ঠানত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, শক্তিমন্ত্রী নন্দিতা গার্লোছা, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্র মার্ঘেৰিটা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক মানৱ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like