নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত অসমক অর্থনৈতিক কেন্দ্র ৰূপে গঢ়িবলৈ নিৰৱচ্ছিন্নভাৱে পদক্ষেপ ল’ব চৰকাৰে 

🔹 জাপানত অন্তিম দিনা মন্ত্রী-উদ্যোগপতিৰে গুৰুত্বপূর্ণ আলোচনা মুখ্যমন্ত্রী ড০ শর্মাৰ

বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : তিনিদিনীয়া জাপান ভ্রমণৰ অন্তিম দিনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি যৌথ ডিগ্রী পাঠ্যক্রম, ছাত্র–ছাত্রীসকলৰ শৈক্ষিক বিনিময় কার্যসূচী তথা গৱেষণা আৰু দক্ষতাৰ ক্ষেত্রত সহযোগিতাৰ জৰিয়তে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সম্পর্ক স্থাপন কৰাৰ উদ্দেশ্যে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ প্রতিনিধিবর্গৰ সৈতে টকিঅ’ত এক বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে অসম তথা দেশৰ অন্যান্য প্রান্তৰ পৰা অহা ছাত্র–ছাত্রীসকলক অধিক শৈক্ষিক সুযোগ প্রদান কৰাৰ লগতে অসমৰ ছাত্র–ছাত্রীসকলে যাতে জাপানৰ বিশ্ববিদ্যালয়সমূহত শিক্ষালাভৰ ক্ষেত্রত সুচল পথ লাভ কৰে, সেই বিষয়ে আলোচনা কৰে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে কালি জাপানৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ সংসদীয় উপ–মন্ত্রী আকিকো ইকুইনাক সাক্ষাৎ কৰি অসম আৰু জাপানকেন্দ্রিক বিভিন্ন বিষয় আলোচনা কৰে৷ উল্লেখ্য যে জাপানৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ সংসদীয় উপ–মন্ত্রী ইকুইনাই অসমৰ সংস্কৃতিৰ প্রতি তেওঁৰ থকা সন্মান তথা স্নেহ প্রদর্শন কৰি মুখ্যমন্ত্রী ড০ শর্মাক অসমীয়া ভাষাতেই ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অভিবাদন জ্ঞাপন কৰে৷ এই সাক্ষাৎকালত দক্ষ কর্মী বাহিনীৰ প্রয়োজনীয়তা থকা খণ্ডসমূহত অসম আৰু জাপানৰ সহযোগিতা তথা যুৱ সমাজৰ বাবে বর্তমানে থকা সুযোগ আৰু সুবিধাসমূহৰ বিষয়ে মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ সংসদীয় উপ–মন্ত্রীগৰাকীৰ সৈতে আলোচনা কৰে৷ বৈঠকত জাপানৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ সংসদীয় উপ–মন্ত্রী আকিকো ইকুইনাই মুখ্যমন্ত্রী ড০ শর্মাক জাপান চৰকাৰৰ ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কর্মশক্তিক জাপানত সুযোগ প্রদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাৰত আৰু জাপানৰ মাজত এক শক্তিশালী বন্ধুত্বৰ দিশত থকা দৃষ্টিভংগীৰ কথা উল্লেখ কৰি কয় যে দুয়োখন দেশৰ পাৰস্পৰিক বন্ধুত্বপূর্ণ সম্পর্কই ৰাষ্ট্র দুখনৰ জনসাধাৰণৰ জীৱনৰ উন্নয়ন সাধনত সহায়ক হ’ব৷ মুখ্যমন্ত্রীয়ে কয়– বিশ্বৰ বুকুত অসমক অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে নিৰৱচ্ছিন্নভাৱে পদক্ষেপ গ্রহণ কৰি যাব৷ উল্লেখ্য যে সাম্প্রতিক এই জাপান ভ্রমণকালত মুখ্যমন্ত্রী ড০ শর্মাই অসম আৰু জাপানৰ মাজত সম্পর্ক সুদৃঢ় কৰি পাৰস্পৰিকভাৱে লাভান্বিত হোৱাৰ উদ্দেশ্যে ৰাষ্ট্রখনৰ কেইবাগৰাকীও মন্ত্রী আৰু উদ্যোগ খণ্ডৰ অগ্রণী ব্যক্তিৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছে৷ তেওঁ টয়’টা মটৰ কর্প’ৰেচনৰ শীর্ষ বিষয়া টেৰুটোশ্বী হামানো আৰু প্রতিষ্ঠানটোৰ অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অসমত প্রতিষ্ঠানটোৰ অধীনস্থ এটা আনুষংগিক গোট স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে৷ এই সাক্ষাতৰ সময়তে টয়’টাই আগবঢ়াই থকা দক্ষতা কার্যসূচীবোৰ অসমৰ আন প্রতিষ্ঠানসমূহলৈ সম্প্রসাৰিত কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কালি জাপানৰ অন্যতম বৃহৎ চিপ নির্মাতা কোম্পানী টকিঅ’ ইলেক্ট্রনৰ কার্যবাহী উপাধ্যক্ষ টাকেছি অকুব’ৰ সৈতেও এক বৈঠকত মিলিত হয়৷ উল্লেখ্য যে ছেমিকণ্ডাক্টৰ যোগান শৃংখলত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা এই কোম্পানীটো চিপ নির্মাণকাৰী সঁজুলিৰ আর্হি প্রস্তুত কৰাত বিশেষজ্ঞ৷ মুখ্যমন্ত্রীয়ে প্রতিষ্ঠানটোক অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্রণ জনায়৷ জাগীৰোডত স্থাপন হ’বলগীয়া ইলেক্ট্রনিক চিটীত ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্রৰ এক কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে বৈঠকত উল্লেখ কৰে৷ জাপান ভ্রমণকালত মুখ্যমন্ত্রীয়ে কালি উদ্ভাৱনীমূলক বিত্তীয় সমাধান আৰু ক্রেডিট সুবিধা প্রদানৰ দিশত থকা দক্ষতাৰ বাবে জনাজাত মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া টাকাও হোছোয়াৰ সৈতেও এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত অসমৰ কোম্পানীলৈ ক্রেডিট–লিংকেজ সম্প্রসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰা সন্দর্ভত আলোচনা কৰা হয়৷ মুখ্যমন্ত্রীয়ে প্রতিষ্ঠানটোক অসমৰ বাবে পৰিকল্পনা চূডান্ত কৰিবলৈ এডভাণ্টেজ আছাম ২.০ত যোগদান কৰিবলৈ আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রীয়ে কালি আগশাৰীৰ জাপানী বৈদ্যুতিক অভিযান্ত্রিক প্রতিষ্ঠান য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত অসমত প্রতিষ্ঠানটোৰ বর্তমানৰ ভিত্তি সম্প্রসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়৷ মুখ্যমন্ত্রীয়ে প্রতিষ্ঠানটোক অসমৰ ক্রমবর্ধমান বৈদ্যুতিক আৰু শক্তিখণ্ডত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়৷ আনহাতে, অসমলৈ জাপানৰ বিনিয়োগ আকর্ষণ কৰাৰ প্রয়াসত অধিক গতি প্রদানৰ বাবে মুখ্যমন্ত্রীয়ে জাপান ইণ্টাৰনেচনেল কর্প’ৰেচন এজেঞ্চীৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতেও এক ফলপ্রসূ আলোচনাত মিলিত হয়৷ এই বৈঠকত মুখ্যমন্ত্রীয়ে অসম চৰকাৰে জাইকা আৰু জাপান এক্সটার্নেল ট্ৰেড অর্গেনাইজেচনৰ সৈতে অংশীদাৰ হৈ জাপানী প্রতিষ্ঠানসমূহৰ বাবে এক বিশেষ ঔদ্যোগিক উদ্যান স্থাপন কৰাৰ দিশত থকা আগ্রহৰ কথা ব্যক্ত কৰে৷

You might also like