নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ শক্তিশালী ব্যক্তিৰ ৩১সংখ্যক স্থানত মুখ্যমন্ত্রী ড০ শর্মা

🔹 ‘ইণ্ডিয়ান এক্সপ্রেছ’ৰ ১০০জনীয়া তালিকা প্ৰকাশ

বিশেষ বাৰ্তা, ২৯ মার্চ : দেশৰ শীর্ষ ১০০ ক্ষমতাশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইণ্ডিয়ান এক্সপ্রেছে শেহতীয়াকৈ প্রকাশ কৰা ১০০জনীয়া তালিকাত ৩১সংখ্যক স্থানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্থান লাভ কৰাৰ বিপৰীতে ৫৫সংখ্যক স্থানত আছে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ উল্লেখ্য যে ইণ্ডিয়ান এক্সপ্রেছে প্রতিবছৰে দেশৰ ১০০ ক্ষমতাশালী ব্যক্তিৰ তালিকা প্রকাশ কৰি আহিছে৷ শেহতীয়াকৈ প্রকাশ কৰা এই তালিকাত শীর্ষস্থানত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আনহাতে, দ্বিতীয় স্থানত আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এইবাৰ দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে তালিকাত অৱনমিত হৈ ১৮ স্থানৰ পৰা ৫২সংখ্যক স্থান লাভ কৰিছে৷ আনহাতে, এঢাপ আগুৱাই বিৰোধী দলপতি তথা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে নৱম স্থান লাভ কৰিছে৷ ইণ্ডিয়ান এক্সপ্রেছে প্রকাশ কৰা তালিকাত তৃতীয় স্থানত আছে কেন্দ্রীয় মন্ত্রী এছ জয়শংকৰ, চতুর্থ স্থানত আছে আৰ এছ এছৰ সংঘ চালক মোহন ভাগৱত, পঞ্চম স্থানত আছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, ষষ্ঠ স্থানত আছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, সপ্তম স্থানত আছে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, অষ্টম স্থানত আছে কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱ, নৱম স্থানত ৰাহুল গান্ধী থকাৰ বিপৰীতে দশম স্থান লাভ কৰিছে ৰিলায়েঞ্চৰ পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু একাদশ স্থানত আছে আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানি৷ ইফালে, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছে ১৩ নম্বৰ স্থানত, অন্ধপ্রদেশৰ মুখ্যমন্ত্রী ১৪ নম্বৰ স্থানত আৰু কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি আছে ১৫ নম্বৰ স্থানত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তালিকাত ৩১ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে ৩২নং স্থান লাভ কৰিছে৷ আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ১৮ নম্বৰ স্থান লাভ কৰিছে৷ ইয়াৰ বিপৰীতে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্ধেই ৫১ নম্বৰ স্থান লাভ কৰিছে৷ তালিকাত ৯৯সংখ্যক স্থানত আছে অমিতাভ বচ্চন আৰু শততম স্থানত আছে বলীউডৰ মোহময়ী অভিনেত্রী আলিয়া ভাট৷

You might also like