নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল : ৰাজ্যত ২ মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ বিধান সভা সমষ্টিৰ চাংপুল (ৰতনপুৰ) গাঁও পঞ্চায়তৰ তামুলী গাওঁ খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। আবেলি হেলিকাপ্তাৰ যোগে তামুলী গাওঁ খেলপথাৰত অৱতৰণ কৰি নিৰ্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। হেলিকাপ্টাৰৰ পৰা অৱতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ অপেক্ষা কৰা ৰাইজৰ কাষলৈ আগবাঢ়ি যায় মুখ্যমন্ত্ৰী। উপস্থিত ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক পুস্পবৃষ্টিৰে আদৰণি জনায় উপস্থিত ৰাইজে।
সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এখন ফুলাম গামোছা জাপি আৰু সফুৰাৰে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে মাজুলী, টিয়ক আৰু সৰুপথাৰলৈ যোৱাৰ কথা আছিল যদিও আকাশত মেঘ থকা বাবে মাজুলীলৈ যাব নোৱাৰাৰ কথা উল্লেখ কৰে। কিন্তু টীয়ক আৰু সৰুপথাৰত নিৰ্বাচনী সভাত অংশগ্রহণ কৰি আপ্লুত হোৱা বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে এই বাৰ পঞ্চায়ত নিৰ্বাচনত গোলাঘাট জিলাৰ অন্যান্য বিধান সভা সমষ্টিৰ লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰতিটো পঞ্চায়ত আৰু জিলা পৰিষদৰ আসনত বিজেপি আৰু অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হব।
ইফালে পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ প্ৰসংগ উল্লেখ কৰি উগ্ৰপন্থী আক্ৰমণৰ ঘটনাকতীব্র নিন্দা কৰি কয় যে পাকিস্তানৰ পৰা অহা উগ্ৰপন্থীয়ে দেশত অশান্তি আৰম্ভ কৰিছে। উগ্ৰপন্থীক দমন আৰু পাকিস্তানক উচিত শিক্ষা দিবৰ বাবে ভগবানে যাতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে। লগতে উগ্ৰপন্থীৰ আক্রমণত নিহত সকলৰ আত্মাৰ শান্তি কামনা কৰে। পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰে। সন্ত্ৰাসবাদে নিৰীহ মানুহৰ জীৱনত কিমান আঘাত পেলায় অসমৰ মানুহে বুজি পায়। অসমত এসময়ত উগ্ৰপন্থীৰ উপদ্রব আছিল। কংগ্ৰেছৰ দিনৰ পৰিবেশ হত্যা হিংসাৰ পৰিবেশ আছিল। এতিয়া চাৰিওফালে শান্তি। বিজেপি শাসনত অহাৰ পিছত অসমলৈ শান্তি ঘুৰি আহে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষন প্ৰসংগত উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্থানীয় ৰাইজক উদ্দেশি দিয়া নিৰ্বাচনী ভাষণ প্ৰসংগত কয়ে যে এই বছৰত দুটা ভোট দিব লাগিব এই বহাগত পঞ্চায়ত আৰু অহা বহাগত বিধান সভাত ভোট দিব লাগিব। ৬০ বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ অংগনৱাডী কেন্দ্র সমুহ পাৰ চৰাইৰ সোমাব নোৱাৰা আছিল। বিজেপি চৰকাৰৰ দিনত অংগনৱাডী কেন্দ্র সমুহ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত অসমত এটকাও নিদিয়াকৈ দেৰলাখ যুৱক যুৱতীক চাকৰি দিয়া হৈছে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰিৰ নামত দুৰ্নীতি হৈছিল। এটা চাকৰিৰ বিনিময়ত কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পালে ডেৰ কোটি টকা লৈছিল বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত নিবনুৱাক আৰু চাকৰি দিয়া হব নবেম্বৰত পুলিচৰ চাকৰি ওলাব।
অসমীয়া ডেকা লৰাই এদিন আলফাত যোৱাৰ চিন্তা কৰিছিল আৰু এতিয়া আৰ্মী, চিআৰপিএ, পুলিচত যাব বিচাৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি কয় যে কংগ্ৰেছৰ পাছটা অমৃত হল লুঙী, ধুতী, সুতা, আঠুৱা আৰু কম্বল। কংগ্ৰেছ দলে ৰাইজক এই লুঙ্গি, ধুতি, সূতা কম্বল, আঠুৱা বিলাই আভূৱা বাৰিছিল। বৰ্তমান বিজেপি চৰকাৰৰ দিনত বিভিন্ন আঁচনিৰ ধন হিতাধীকাৰীৰ একাউন্ট ত সোমায় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় এতিয়াৰ পৰা কলেজত নামভৰ্ত্তি ৰ বাবে ইনকাম চাৰ্টিফিকেট নালাগে। কেৱল ৰেচম কাৰ্ড হলেই হব। অহা অক্টোবৰ মাহৰ ৰেচন কাৰ্ড থকা সকলে কম দামত চেনী, নিমখ, দাইল লাভ কৰিব ইয়াৰোপৰি ৰন্ধন গেছৰ দাম ৩০০ কমাই দিব।
আৰু এটকা বিদ্যুৎ বিল কমাই দুটকা মুঠ কমাই দিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনী ভাষনত উল্লেখ কৰে। ঘৰুৱা টিউন লবৰ বাবে মেট্ৰিক পৰীক্ষা দিয়া সকলো লৰা ছোৱালীক প্ৰতি মাহে ৩০০ টকাকৈ দিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষন প্ৰসংগত জনসাধাৰণৰ হিতৰ বাবে বিভিন্ন আঁচনিৰ কথা ভাষন প্ৰসংগত উল্লেখ কৰে।
মহিলাসকলক এইবাৰ ১০ হাজাৰ টকাকৈ দিয়াৰ কথা উল্লেখ কৰি কয় যে অহা বছৰ মহিলাসকলক ২৫০০ হাজাৰ টকাকৈ দিম। শিক্ষিত নিবনুৱা লৰা বোৰৰ বাবে প্ৰতি বছৰে দুই লাখ টকা কৈ দিম। এটা সমষ্টি প্ৰতি বছৰে এহেজাৰ লৰাক এই আচনিত সামৰি লোৱা হব বুলি উল্লেখ কৰে। অন্যহাতে ডিগ্ৰী পাচ কৰা শিক্ষাৰ্থীক প্ৰতি মাহে আঢ়ৈ হাজাৰ টকাকৈ দিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰ্ম সংস্থাপন বিচাৰি অসমৰ লৰা ছোৱালী এক লাখ টকাৰ বাবে বাহিৰলৈ যাওক ৮/১০ হাজাৰ টকাৰ কাৰণে যাতে যাব নালাগে তাৰ চিন্তা চৰ্চা কৰিছো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে সকলো মানুহৰ সকলো সমস্যা শেষ কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় য যে অসমত ইমানেই উদ্যোগ আনিম বহিৰাজ্যত কাম কৰিবলৈ যোৱা সকলো লৰাক ঘুৰাই আনিম। প্ৰায় দহ সহস্ৰাধিক জনসাধাৰণ উপস্থিত থকা নিৰ্বাচনী সভাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, অগপ সভাপতি অতুল বৰা, মন্ত্ৰী নন্দিতা গাৰ্লোছা, অজন্তা নেওগ আদি উপস্থিত আছিল।
প্ৰেৰক মাখমুদ আলী