নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ কোচ-ৰাজবংশীসকলৰ ঐতিহ্য, কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্রত অসম চৰকাৰৰ বিশেষ পদক্ষেপ। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱত ‘চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি’ (CIDF)ৰ অধীনত নির্মাণ হ’বলগীয়া কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় ফণীভূষণ চৌধুৰী, পীযুষ হাজৰিকা আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

আনহাতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও বিসৰ্জন ঘাটৰ উন্নয়ন সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িবলৈ নতুন প্ৰকল্পটোৰ জৰিয়তে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

You might also like