নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রফুল্ল মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ শুকুৰবাৰে নিশা হঠাতে এক ‘মাইল্ড ষ্ট্রোক’ত আক্রান্ত হৈ বর্তমানে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ শনিবাৰে স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

মুখ্যমন্ত্রী সোণোৱালে প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ পত্নী ড০ জয়শ্রী গোস্বামী মহন্তৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি প্রাক্তন মুখ্যমন্ত্রীজনৰ স্বাস্থ্যৰ বুজ লয়৷ মুখ্যমন্ত্রী সোণোৱালে লগতে প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ আশু আৰোগ্য কামনা কৰে৷

ইফালে, অগপ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ স্বাস্থ্যৰ অৱস্থা সম্প্রতি সুস্থিৰ৷ তেওঁ চিকিৎসালয়তে চিকিৎসকৰ পর্যবেক্ষণত আছে৷

You might also like